অসম

assam

ETV Bharat / bharat

কৰ’ণাতংক: অক্সিজেনৰ অভাৱত 21 জনৰ মৃত্যু - 21 জনৰ মৃত্যু

দিল্লীত অক্সিজেনৰ অভাৱত 21 গৰাকীকৈ কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু ৷ কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিছে অক্সিজেন ৷

কৰ’ণাতংক: অক্সিজেনৰ অভাৱত 21 জনৰ মৃত্যু
কৰ’ণাতংক: অক্সিজেনৰ অভাৱত 21 জনৰ মৃত্যু

By

Published : Apr 24, 2021, 9:40 PM IST

নতুন দিল্লী, 24 এপ্ৰিল : অক্সিজেনৰ অভাৱত দিল্লীৰ গল্ডেল হাস্পাতালত 21 গৰাকীকৈ ক’ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷ বহু চিকিৎসালয়ে বিপদজনকভাৱে নিম্ন স্তৰৰ অক্সিজেন যোগানৰ সৈতে যুঁজি থকাৰ বাবে দিল্লী চৰকাৰে অতি সংকটজনক পৰিস্থিতিৰ সময়ত ব্যৱহাৰ কৰিব লগা গেছৰ বাফাৰ ষ্টক বজাই ৰখাৰ সিদ্ধান্ত লৈছে ৷

কেন্দ্ৰই দিল্লীৰ বাবে অক্সিজেনৰ দৈনিক কোটা ৩৭৮ মেট্ৰিক টনৰ পৰা ৪৮০ মেট্ৰিক টনলৈ বৃদ্ধি কৰিছে । দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বৃহস্পতিবাৰে তিনিজন জ্যেষ্ঠ আই এ এছ বিষয়াক নোডেল বিষয়া হিচাপে নিযুক্তি দিয়ে, যাতে চহৰখনৰ বিভিন্ন চিকিৎসালয়লৈ অক্সিজেনৰ মসৃণ বিতৰণ আৰু যোগান সুনিশ্চিত হয় ৷

লগতে পঢ়ক :অ’এনজিচিৰ দুই কৰ্মচাৰীক উদ্ধাৰ

ABOUT THE AUTHOR

...view details