অসম

assam

By

Published : Apr 28, 2021, 5:22 PM IST

ETV Bharat / bharat

তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ নামত কৰ'ণাৰ সকলো নীতি-নিয়ম ধূলিসাৎ

তেলেংগানাৰ ৱাৰাংগলত বিজেপিৰ সভাপতি এগৰাকীৰ ৰোড শ্ব'ত কৰ'ণাৰ সকলো নীতি-নিয়ম ভংগ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । নিৰ্বাচনী প্ৰচাৰৰ নামত কৰ'ণাৰ সকলো নীতি-নিয়ম ধূলিসাৎ ।

তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ নামত কৰ'ণাৰ সকলো নীতি-নিয়ম ধূলিসাৎ
তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ নামত কৰ'ণাৰ সকলো নীতি-নিয়ম ধূলিসাৎ

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: দেশজুৰি হোৱা কৰ'ণাৰ কাল সংক্ৰমণক ধূলিসাৎ একাংশৰ । যিসময়ত কেন্দ্ৰ চৰকাৰে বাৰাম্বাৰ দেশবাসীক মহামাৰীবিধৰ পৰা সাৱধানে থাকিবলৈ অনুৰোধ জনাই আহিছে, সেই সময়তে তেলেংগানাৰ ৱাৰাংগলত বিজেপিৰে সভাপতি এগৰাকীৰ ৰোড শ্ব'ত কৰ'ণাৰ সকলো নীতি-নিয়ম ভংগ কৰিছে ।

ৰাজ্যখনত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সময়তে তেলেংগানাৰ বিজেপি সভাপতি বন্দী সঞ্জয়ে মংগলবাৰে বৃহত্তৰ ৱাৰাংগল পৌৰ নিগমৰ (জিডব্লিউএমচি) নিৰ্বাচনী প্ৰচাৰত ৰোড শ্ব' উলিয়াই কৰ'ণাৰ সকলো নীতি-নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

তেলেংগানাত নিৰ্বাচনী প্ৰচাৰৰ নামত কৰ'ণাৰ সকলো নীতি-নিয়ম ধূলিসাৎ

ৰোড শ্ব'ৰ সময়ৰ ফটোত সামাজিক দূৰত্ব নমনা আৰু মাক্স অবিহনে এক বিশাল জনসমাগমৰ ছবি দেখা গৈছিল । এই ফটো ৰাজ্যখনৰ বিজেপিৰ অফিচিয়েল টুইটাৰ একাউণ্টে টুইট কৰিছিল । ইয়াৰ পাচতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় সভাপতি বন্দী সঞ্জয়ে । সমালোচনাৰ সন্মুখীন হোৱাৰ পাচতে বিজেপিয়ে উক্ত ফটোখন আঁতৰাই দিয়ে ।

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, কেৱল ৱাৰাংগলত মংগলবাৰে ৬৫৩ জন লোকে নতুনকৈ মহামাৰীৰ কৱলত পৰিছে । মংগলবাৰৰ দিনটোত তেলেংগানাত ১০,১২২ জন লোকে নতুনকৈ মহামাৰীৰ কৱলত পৰে । ৰাজ্যখনত বৰ্তমানলৈ মুঠ ৬৯,২২১ টা ঘটনা সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক: অন্ধ্ৰপ্ৰদেশত চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুৱালে কণমানিয়ে

ABOUT THE AUTHOR

...view details