নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: আন ৰাজ্যৰ পৰা কেৰালালৈ অহা লোকসকলৰ বাবে ক'ভিড-১৯ জগৰাথা প'ৰ্টেলত ভ্ৰমণকাৰীৰ পঞ্জীয়ন বাধ্যতামূলক কৰিছে কেৰালা চৰকাৰে । কৰ'ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থাৰ অংশ হিচাপে কেৰালা চৰকাৰে পঞ্জীয়ন বাধ্যতামূলক কৰাৰ ব্যৱস্থা হাতত লৈছে ৷
এই ব্যৱস্থা অনুসৰি, https// covid19jagratha.kerala.nic.in ৱেবছাইটত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত ৱেবচাইটত নাগৰিক বিকল্প (Citizen Option) বাছনি কৰিলে দেখা পোৱা দৰ্শনাৰ্থী প্ৰৱেশ (domestic entry option) ত গৈ ঘৰুৱা প্ৰৱেশ বাছনি কৰিব লাগিব ৷ ইয়াৰ পাছত ক'ভিড-১৯ জগৰাথা প'ৰ্টেলত নতুন পঞ্জীয়নত ক্লিক কৰি ম'বাইল নম্বৰ দি অ'টিপি প্ৰমাণিত কৰিব লাগিব ।