নেশ্যনেল ডেস্ক, ৮ জুন :দেশজুৰি চলি আছে ক’ভিডৰ টীকাকৰণ (Covid vaccination) প্ৰক্ৰিয়া । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ এখন গাঁও এতিয়া চৰ্চাত । বান্দিপোৰা জিলাৰ এক দূৰৱৰ্তী অঞ্চলত থকা হেমলেট গাঁওখন হৈ পৰিছে ভাৰতৰ প্ৰথম খন গাওঁ য'ত ইয়াৰ সকলো প্ৰাপ্তবয়স্ক লোকক ক'ভিডৰ প্ৰতিষেধক (Covid vaccination) প্ৰদান কৰা হৈছে । মঙলবাৰে বিষয়াসকলে জনোৱা মতে স্বাস্থ্যসেৱা কৰ্মীসকলৰ কঠোৰ প্ৰচেষ্টাৰ ফলত ৩৬২ গৰাকী প্ৰাপ্তবয়স্ক লোকক প্ৰতিষেধক প্ৰদান কৰি হেমলেটক গাঁওখনে ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে গাওঁখন বান্দিপোৰা জিলাৰ সদৰৰ পৰা মাত্ৰ ২৮ কিলোমিটাৰ দূৰত অৱস্থিত, কিন্তু যান-বাহনৰ বাবে কোনো পথ নথকাৰ বাবে ১৮ কিলোমিটাৰ দূৰত্ব খোজ কাঢ়ি যাব লাগে ।
তেওঁৰ মতে সকলো বাসিন্দাক টীকাকৰণ কৰাটো অধিক কঠিন আছিল কিয়নো গাওঁখনত অঘৰী পৰিয়াল আছে যিয়ে তেওঁলোকৰ পশুধন চৰাবলৈ ওখ অঞ্চললৈ ভ্ৰমণ কৰে । গাওঁখনত কোনো ইণ্টাৰনেটৰ সুবিধা নাই । সেয়ে নগৰাঞ্চলৰ লোকসকলৰ দৰে তাৰ লোকসকলে প্ৰতিষেধকৰ বাবে পঞ্জীয়ন লাভ কৰিবলৈ সক্ষম নহয় ।