নেচনেল ডেস্ক,৫জুলাই: ভাৰতত মঙলবাৰে কোভিড-19 ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা 4,35,31,650 লৈ বৃদ্ধি হৈছে (COVID-19 cases increased India)। আনহাতে, ৰোগৰ পৰা উপশম লাভ কৰাৰ হাৰ ৯৮.৫৩ শতাংশ বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে (According to Union Health Ministry data)।
মঙলবাৰে প্ৰকাশ কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ১৩,০৮৬ গৰাকীৰ নতুনকৈ কৰোনা ভাইৰাছৰ সংক্ৰমণ হৈছে । ফলত কোভিড-১৯ ৰোগীৰ সংখ্যা ৪,৩৫,৩১,৬৫০ গৰাকীলৈ লৈ বৃদ্ধি পাইছে । আনহাতে,সক্ৰিয় হৈ আছে ১,১৪,৪৭৫ গৰাকী । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি আৰু ১৯ গৰাকীৰ নতুনকৈ মৃত্যু হোৱাত এই সংখ্যা ৫,২৫,২৪২ লৈ বৃদ্ধি পাইছে ।