নেচনেল ডেস্ক, ১৭ জুলাই: ভাৰতত এদিনত ২০,৫২৮ গৰাকীৰ নতুনকৈ কৰোনা ভাইৰাছৰ সংক্ৰমণ হৈছে (Covid infection increased in India)। ফলত ভাৰতৰ ক'ভিড-১৯ৰোগীৰ সংখ্যা ৪,৩৭,৫০,৫৯৯ লৈ বৃদ্ধি পাইছে । আনহাতে,কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সক্ৰিয় ৰোগীৰ সংখ্য়া ১,৪৩,৪৪৯ গৰাকীলৈ বৃদ্ধি হৈছে । ক'ভিড-১৯ত নতুনকৈ ৪৯ গৰাকীৰ মৃত্যু হোৱা বুলি একেটা সূত্ৰই সদৰি কৰিছে । ইয়াকে লৈ মৃতকৰ সংখ্যা ৫,২৫,৭০৯ গৰাকী লৈ বৃদ্ধি পালে । তদুপৰি সক্ৰিয় ৰোগীৰ সংক্ৰমণ ০.৩৩% হৈছে । আনহাতে, ক'ভিড-১৯ৰ পৰা আৰোগ্য় লাভ কৰাৰ হাৰ ৰাষ্ট্ৰীয় স্তৰত ৯৮.৪৭% হৈছে বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে ।
Covid in India: দেশত ক'ভিডত মৃত্য়ুৰ সংখ্যা ৫,২৫,৭০৯ লৈ বৃদ্ধি - Covid infection increased in India
ভাৰতত এদিনত ২০,৫২৮ গৰাকীৰ নতুনকৈ কৰোনা ভাইৰাছৰ সংক্ৰমণ হৈছে (Covid infection increased in India)। ফলত ভাৰতৰ ক'ভিড-১৯ ৰোগীৰ সংখ্যা ৪,৩৭,৫০,৫৯৯ লৈ বৃদ্ধি পাইছে । আনহাতে,কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি সক্ৰিয় ৰোগীৰ সংখ্য়া ১,৪৩,৪৪৯ গৰাকীলৈ বৃদ্ধি হৈছে।
উল্লেখ্য় যে বিগত ২৪ ঘণ্টাৰ ব্যৱধানত ক'ভিড-১৯ত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্য়া ২,৬৮৯ লৈ বৃদ্ধি পাইছে । ভাৰতত ২০২০ৰ ৭ আগষ্টত ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল । আনহাতে,একেটা বৰ্ষৰে ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰিছিল । দেশখনে যোৱা বছৰৰ ২৩ জুনত তিনি কোটিৰ ভয়ংকৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছিল । ইপিনে, এই বছৰৰ ২৫ জানুৱাৰীত এই সংখ্যাই চাৰি কোটিৰ সীমা অতিক্ৰম কৰিছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে ।