অসম

assam

By

Published : Apr 21, 2021, 2:29 PM IST

ETV Bharat / bharat

ক'ভিডৰ দ্বিতীয় ঢৌৱে প্ৰভাৱ পেলাব নেকি পশ্চিমবংগৰ নিৰ্বাচনত ?

সমগ্ৰ দেশতে ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়তে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে । বেছিভাগ নিৰ্বাচনী সভাতে উলংঘন কৰা হৈছে ক'ভিড প্ৰট'কল । সেয়ে, নিৰ্বাচনী প্ৰচাৰৰ সময় হ্ৰাস কৰিছে নিৰ্বাচনী আয়োগে । একাংশ ৰাজনৈতিক দলেও বিশাল সভা অনুষ্ঠিত কৰাৰ পৰা বিৰত আছে । কিন্তু এই সংকুচিত প্ৰচাৰ অভিযানে নিৰ্বাচনী সমীকৰণত কেনেদৰে প্ৰভাৱ পেলাব সেয়াহে লক্ষণীয় বিষয় ।

পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ সময় হ্ৰাস কৰিছে নিৰ্বাচনী আয়োগে
পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ সময় হ্ৰাস কৰিছে নিৰ্বাচনী আয়োগে

নেশ্যনেল ডেস্ক, ২১ এপ্ৰিল: সম্প্ৰতি ভাৰতৰ বিভিন্ন ৰাজ্যত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । পশ্চিমবংগতো মহামাৰীৰ সংক্ৰমণে কালৰূপ ধাৰণ কৰিছে । প্ৰতি দিনে ৰাজ্যখনত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা । কিন্তু এই পৰিস্থিতিৰ মাজতো বিধানসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰচাৰ অভিযান চলাই আছে ৰাজনৈতিক দলসমূহে । অধিকাংশ নিৰ্বাচনী সভাতে ধোঁৱাচাঙত তোলা হৈছে ক'ভিডৰ স্বাস্থ্য বিধি ।

সামাজিক দূৰত্বৰ চিন-চাবেই নাই নিৰ্বাচনী সভাত । মাস্ক পৰিধান নকৰাকৈ নিৰ্বাচনী সভালৈ আহিল বহু লোক । যাৰ ফলত মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে । মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল কংগ্ৰেছে শেষৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ এটা বা দুটা পৰ্যায়তে অনুষ্ঠিত কৰাৰ দাবী জনাইছিল । আনহাতে, বিজেপি আৰু আন দলসমূহে জনাইছিল যে তেওঁলোকে নিৰ্বাচনী আয়োগে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাব ।

ক'ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আয়োগে শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰৰ সময় হ্ৰাস কৰিছে । অৱশ্যে পূৰ্বৰ তুলনাত হ্ৰাস পাইছে নিৰ্বাচনী প্ৰচাৰ সভা, সমদল আদিৰ সংখ্যা । ৰাজনৈতিক দলসমূহে এনেদৰে নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযান হ্ৰাস কৰিলে নিৰ্বাচনী সমীকৰণ যে সলনি হ'ব সেই আশংকা বৃদ্ধি পাইছে । ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, শেষ মুহূৰ্তত প্ৰচাৰ চলোৱা আৰু ভোটাৰৰ ওচৰলৈ যোৱাটো ৰাজনৈতিক দলসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

গতিকে এই হ্ৰাস কৰা প্ৰচাৰৰ সময়ছোৱাই নিশ্চিতভাৱে সকলো ৰাজনৈতিক দলক প্ৰভাৱিত কৰিব । অৱশ্যে তৃণমূল কংগ্ৰেছ আৰু বিজেপি উভয়ে দাবী কৰি আহিছে যে, আয়োগে প্ৰচাৰৰ সময় হ্ৰাস কৰিলেও তেওঁলোকৰ নিৰ্বাচনী সমীকৰণৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে । তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তাপস ৰয়ৰ মতে, নিৰ্বাচন প্ৰতি ৫ বছৰৰ মূৰত অনুষ্ঠিত হয়, কিন্তু মানৱ জীৱন বেছি গুৰুত্বপূৰ্ণ ।

গতিকে তৃণমূল কংগ্ৰেছে স্বেচ্ছাই প্ৰচাৰৰ সময় হ্ৰাস কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে, বিজেপিয়ে ২৬ ঘণ্টা প্ৰচাৰ চলালেও মানুহে তেওঁলোকক সমৰ্থন নকৰে । আনহাতে, বিজেপি নেতা চিচিৰ বাজ'ৰিয়াই কয় যে, এই সংকটৰ সময়ত সাধাৰণ লোকসকলক মহামাৰীৰ দ্বিতীয় ঢৌৰ পৰা ৰক্ষা কৰাতোহে গুৰুত্বপূৰ্ণ কথা । অৱশ্যে, পশ্চিমবংগৰ ৰাইজে এইবাৰ কাক ভোট দিব সেই সিদ্ধান্ত ইতিমধ্যে তেওঁলোকে লৈছে বুলি তেওঁ মন্তব্য কৰে ।

ইফালে, চি পি আই(এম)ৰ পলিট ব্যুৰো সদস্য, মহম্মদ ছেলিমৰ মতে, বাওঁ মৰ্চাই আছিল প্ৰথম ৰাজনৈতিক শক্তি যিয়ে ঘোষণা কৰিছিল যে, তেওঁলোকে মহামাৰীৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি বিশাল জন সমাৱেশ বাতিল কৰিছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা শুভাংকৰ সৰকাৰে কয় যে, বৰ্তমানৰ কৰ'ণাসৃষ্ট সংকটৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দলে প্ৰথমে জনকল্যাণৰ বিষয়বোৰ বিবেচনা কৰা উচিত ।

সেয়ে, দলে ইতিমধ্যে ৰাজহুৱা সমাৱেশ আয়োজন কৰাৰ পৰিৱৰ্তে ভাৰ্চুৱেল প্ৰচাৰৰ ওপৰত গুৰুত্ব দিছে বুলি তেওঁ মন্তব্য কৰে । প্ৰখ্যাত ৰাজনৈতিক পৰ্যবেক্ষক আৰু প্ৰেচিডেন্সি কলেজৰ প্ৰাক্তন অধ্যক্ষ ড৹ অমল কুমাৰ মুখপাধ্যায়ে এই ক্ষেত্ৰত ৰাজনৈতিক দলসমূহৰ সৈতে সহমত প্ৰকাশ কৰে । তেওঁ কয় যে, এই অন্তিম মুহূৰ্তৰ প্ৰচাৰ বাতিল কৰিলে নিৰ্বাচনী সমীকৰণত প্ৰভাৱ পৰিব বুলি তেওঁ নাভাৱে । বৰঞ্চ এই প্ৰচাৰ অভিযানবোৰে সংক্ৰমণৰ সম্ভাৱনা আৰু বৃদ্ধি কৰিব । লগতে এই সময়ত সকলো মানুহ সজাগ হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:ত্ৰিপুৰাত দিনজোৰা অনশনত বহিল অ'এনজিচি কৰ্মী

ABOUT THE AUTHOR

...view details