নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: ভাৰতত ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে এতিয়াও কণ কণ শিশু আৰু কিশোৰ-কিশোৰসকলে বিদ্যালয়লৈ যোৱা অথবা আন আন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । শেহতীয়াকৈ সীমিত সংখ্যক শিক্ষাৰ্থী শ্ৰেণীকোঠাত বহাৰ পৰা আৰম্ভ কৰি আন সকলো স্বাস্থ্য বিধি মানিহে পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে ।
১৮ বছৰৰ অনুৰ্ধ্বৰ বাবে ক'ভিড-১৯ৰ প্ৰতিষেধক উপলব্ধ নোহোৱা বাবে অভিভাৱকসকলেও সন্তানৰ স্বাস্থ্যৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে । কিন্তু এতিয়া প্ৰতিষেধক উপলব্ধ হোৱাক লৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰতৰ কেন্দ্ৰীয় ঔষধ প্ৰাধিকৰণৰ বিশেষজ্ঞ কমিটীৰ সিদ্ধান্তই ।
মঙলবাৰে এক সূত্ৰই জনোৱা মতে, ২-১৮ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত ভাৰত বায়'টেকে প্ৰস্তুত কৰা কোভাক্সিন প্ৰতিষেধকৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাবলৈ ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলক পৰামৰ্শ দিলে বিশেষজ্ঞ কমিটীয়ে । শেহতীয়াকৈ, হায়দৰাবাদস্থিত ভাৰত বায়'টেক, ২-১৮ বছৰ বয়সৰ শিশু, কিশোৰ-কিশোৰীৰ বাবে কোভাক্সিন 2/3 পৰীক্ষণ সম্পূৰ্ণ কৰিছে ।