অসম

assam

ETV Bharat / bharat

কৰ’ণাৰ ত্ৰাস: ত্ৰিপুৰাৰ কেবাটাও অঞ্চলত বৃদ্ধি সান্ধ্য আইন - etv bharat news

ত্ৰিপুৰা চৰকাৰে আগৰতলা পৌৰ নিগম(Agartala Municipal Corporation)কে ধৰি ছয়খন নগৰ নিকায়ত কৰ’ণা সান্ধ্য আইন(Corona curfew) বৃদ্ধি কৰিছে । সান্ধ্য আইনৰ নতুন নিৰ্দেশনা 11 জুনৰ পুৱা 6 বজাৰ পৰা 18 জুনৰ পুৱা 6 বজালৈকে কাৰ্যকৰী হৈ থাকিব । কেবিনেটৰ মুখপাত্ৰ ৰতন লাল নাথে সদৰি কৰিছে এই কথা ৷

Covid curfew extended in six civic bodies, partially relaxation granted
কৰ’ণাৰ ত্ৰাস: ত্ৰিপুৰাৰ কেবাটাও অঞ্চলত বৃদ্ধি সান্ধ্য আইন

By

Published : Jun 12, 2021, 11:26 AM IST

আগৰতলা,12 জুন : ত্ৰিপুৰাত ক্ৰমাৎ ক'ভিড 19ৰ সংক্ৰমণ হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে ৷ ত্ৰিপুৰা চৰকাৰে চলিত কৰ’ণাৰ সংক্ৰমণৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ বাবে আংশিক শিথিলতাৰ অনুমতি দিছে যদিও পৰৱৰ্তী 18 জুনলৈ নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে । আৰোপ কৰা আদেশবোৰ শুকুৰবাৰে পুৱা সমাপ্ত হোৱাৰ কথা আছিল । বজাৰৰ ওপৰত কঠোৰ প্ৰতিবন্ধকতা আৰু অপ্ৰয়োজনীয় প্ৰৱেশ পৰৱৰ্তী 18 জুনলৈকে কৰ’ণাৰ অত্যাধিক সংক্ৰমণ হোৱা ছয়টা অঞ্চলত বলৱৎ থাকিব ৷

অসামৰিক সচিবালয়ত এক সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী তথা কেবিনেটৰ মুখপাত্ৰ ৰতনলাল নাথে কয় যে, "ত্ৰিপুৰা চৰকাৰে আগৰতলা পৌৰ নিগম(Agartala Municipal Corporation)কে ধৰি ছয়খন নগৰ নিকায়ত কৰ’ণা সান্ধ্য আইন (Corona curfew) বৃদ্ধি কৰিছে । সান্ধ্য আইনৰ নতুন নিৰ্দেশনা 11 জুনৰ পুৱা 6 বজাৰ পৰা 18 জুনৰ পুৱা 6 বজালৈকে কাৰ্যকৰী থাকিব"।

কৰ’ণাৰ ত্ৰাস: ত্ৰিপুৰাৰ কেবাটাও অঞ্চলত বৃদ্ধি সান্ধ্য আইন

নাথৰ মতে, এই অঞ্চলবোৰ সান্ধ্য আইনৰ অধীনত ৰখা হৈছে ৷ কিয়নো নিৰ্বাচিত নগৰ নিকায়সমূহত যোৱা এসপ্তাহৰ পৰা ধাৰাবাহিকভাৱে 5 শতাংশতকৈ অধিক কৰ’ণাত আক্ৰান্তৰ সংখ্যা ধৰা পৰিছে । পৰিসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইন উঠাই লোৱাটো এক দুৰদৰ্শী সিদ্ধান্ত নহ'ব । অৱশ্যে কৰ’ণাৰ সংক্ৰমণৰ হাৰ হ্ৰাস হোৱা আন অঞ্চলবোৰক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত পৰীক্ষা অবিহনে 1.8 লক্ষাধিক শিক্ষাৰ্থীক উত্তীৰ্ণৰ সিদ্ধান্ত

উল্লেখ্য যে, আগৰতলা পৌৰ নিগম, ধৰ্মনগৰ পৌৰ পৰিষদ, কুমাৰঘাট পৌৰ পৰিষদ, ৰাণীৰবজাৰ নগৰ পঞ্চায়ত, সোণামুৰা নগৰ পঞ্চায়ত আৰু বেলোনিয়া পৌৰ পৰিষদত 18 জুনলৈকে সান্ধ্য আইন বলৱৎ থাকিব । নিৰ্বাচিত নগৰ নিকায়ৰ বাহিৰে আন্তঃজিলা ভ্ৰমণৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হয় । সান্ধ্য আইনৰ সময়চোৱাত সকলো অকলশৰীয়াকৈ থকা দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠানবোৰ পুৱা ৬ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত খুলিব পাৰিব ৷ এনে প্ৰতিষ্ঠানবোৰে ক’ভিড প্ৰট’কল মানি চলিব লাগিব ৷

লগতে পঢ়ক: ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ কৰিব ত্ৰিপুৰা চৰকাৰে

ABOUT THE AUTHOR

...view details