অসম

assam

মিজোৰামত 6 গৰাকীৰ দেহত ক’ভিড 19

By

Published : Mar 27, 2021, 1:32 PM IST

মিজোৰামত 6 গৰাকীৰ দেহত ক’ভিড 19 ভাইৰাছৰ অৱস্থিতি ৷ ৰাজ্যখনত এতিয়ালৈকে মুঠ 4,460 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ক’ভিড-19 ত ৷ মুঠ আক্ৰান্তৰ সংখ্যা 4,426 গৰাকী ৷ শেহতীয়াকৈ আক্ৰান্ত 11 গৰাকী ব্যক্তিৰ মৃত্যু ঘটে ৷ বৰ্তমান 23 গৰাকীৰ দেহত সক্ৰিয় অৱস্থাত আছে ক’ভিড 19 ৷

covid-cases-in-mizorzm
মিজোৰামত কোভিড-19 পজিটিভ

আইজল,27 মাৰ্চ: মিজোৰামত 6 গৰাকীৰ দেহত ক’ভিড 19 ভাইৰাছৰ অৱস্থিতি ৷ জ’ৰাম মেডিকেল কলেজ (জেডএমচি) আৰটি-পিচিআৰত পৰীক্ষা কৰা 20 টা নমুনাত এগৰাকী 35 বছৰীয়া সীমান্ত সুৰক্ষা কৰ্মীৰ চিকিৎসকৰ দেহত ক’ভিড-19 পজিটিভ পোৱা গৈছে ৷

তাৰোপৰি বিভিন্ন জিলাৰ ট্ৰুনেট পৰীক্ষাগাৰত পৰীক্ষা কৰা 4 টা নমুনাৰ আটাইবোৰ ক’ভিড-19 নিগেটিভ পোৱা গৈছে ৷ আৰএজিটিৰ দ্বাৰা পৰীক্ষা কৰা 695 টা নমুনাৰ পৰা 5 টা ক’ভিড-19 পজিটিভ পোৱা গৈছে । ইয়াৰে 25 ৰ পৰা 62 বছৰ বয়সৰ 3 জন পুৰুষ আৰু 2 গৰাকী মহিলা ৷

ৰাজ্যখনত এতিয়ালৈকে মুঠ 4,460 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে ক’ভিড-19 ত ৷ মুঠ আক্ৰান্তৰ সংখ্যা 4,426 গৰাকী ৷ শেহতীয়াকৈ আক্ৰান্ত 11 গৰাকী ব্যক্তিৰ মৃত্যু ঘটে ৷ বৰ্তমান 23 গৰাকীৰ দেহত সক্ৰিয় অৱস্থাত আছে ক’ভিড 19 ৷ উল্লেখ্য যে, 25 মাৰ্চত সংগ্ৰহ কৰা সৰ্বমুঠ 719 টা নমুনাৰ পিছত আৰোগ্যৰ হাৰ 99.23% আৰু আক্ৰান্তৰ হাৰ শতাংশ 0.83% বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ ভোটদান

ABOUT THE AUTHOR

...view details