অসম

assam

ETV Bharat / bharat

Covid case in India : দেশত উদ্বেগজনকভাৱে বৃদ্ধি ক’ভিডৰ সংক্ৰমণ; বিগত 24 ঘণ্টাত আক্ৰান্ত পাঁচ সহস্ৰাধিক - বাধ্যতামূলক কৰা হৈছে মাস্কৰ ব্যৱহাৰ

দেশত প্ৰতিদিনেই বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ ৷ যিয়ে বৃদ্ধি কৰি তুলিছে লকডাউনৰ সম্ভাৱনীয়তা ৷ আজিৰে পৰা কেৰেলাত বাধ্যতামূলক কৰা হৈছে মাস্কৰ ব্যৱহাৰ (covid case increases in India) ৷

covid case increases in India
বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ

By

Published : Apr 9, 2023, 2:17 PM IST

নেশ্যনেল ডেস্ক, 9 এপ্ৰিল :দেশতদৈনিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ক’ভিড সংক্ৰমণৰ ঘটনা ৷ ৰাজধানী দিল্লীকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ক’ভিডৰ দৈনিক সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ যি তথ্যই স্বাভাৱিকতে আতংকিত কৰি তুলিছে দেশবাসীক ৷ তদুপৰি, লকডাউনৰ সম্ভাৱনীয়তাকো এই তথ্যই অধিক বৃদ্ধি কৰি তোলা পৰিলক্ষিত হৈছে (covid case increases in India) ।

ভাৰতত বিগত ২৪ ঘন্টাত ৫,৩৫৭ জন লোক নতুনকৈ ক’ভিড ১৯ত আক্ৰন্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ যোৱা ২৪ ঘন্টাত ৩,৭২৬ জন লোকে ক’ভিড ১৯ৰ পৰা আৰোগ্য লাভ কৰিছে । বৰ্তমান দেশখনত ক’ভিড আক্ৰান্ত লোক হৈছে ৩২,৮১৪ গৰাকী । শনিবাৰৰ দিনটোত মুঠ ১,৫৭,৮৯৪ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল বুলি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ ।

উল্লেখনীয় যে, দেশৰ অন্যান্য ৰাজ্যসমূহৰ তুলনাত কেৰালাত দৈনিক ক’ভিড সংক্ৰমণ ঊৰ্ধ্বমুখী হোৱা দেখা গৈছে । কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে শনিবাৰৰ দিনটোত প্ৰকাশ কৰা মতে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ১৮০১ গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে, এৰ্নাকুলাম, তিৰুৱন্তপুৰম আৰু কোট্টায়াম জিলাত ক’ভিড ৰোগীৰ সংখ্যা সৰ্বাধিক (Kerala reports 1801 new Covid cases) ।

এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী জৰ্জে কয়, "ক’ভিড পৰীক্ষা বৃদ্ধি কৰা হৈছে । পঞ্জীয়নৰ ঘটনা সামান্য বৃদ্ধি পাইছে । অৱশ্যে মুঠ ৰোগীৰ মাত্ৰ 0.8 শতাংশৰ বাবে অক্সিজেনযুক্ত বিছনা আৰু মাত্ৰ 1.2 শতাংশ ৰোগীক আইচিইউ বিছনাৰ প্ৰয়োজন হৈছে ।" আনহাতে, স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জৰ নেতৃত্বত ক’ভিড পৰিস্থিতি মূল্যায়নৰ বাবে এখন বৈঠকো অনুষ্ঠিত হয় (Kerala Health Minister Veena George) ।

উল্লেখযোগ্য যে, বৰ্ধিত ক’ভিড 19 ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গৰ্ভৱতী মহিলা, বৃদ্ধ আৰু সচৰাচৰ ৰোগত ভুগি থকা লোকসকলৰ বাবে মাস্ক বাধ্যতামূলক কৰিছে কেৰেলা চৰকাৰে (Kerala Covid Cases) ।

লগতে পঢ়ক :Kerala Covid Cases : কেৰালাত বৃদ্ধি দৈনিক ক’ভিড সংক্ৰমণ; মাস্ক ব্যৱহাৰৰ নিৰ্দেশনা জাৰি

ABOUT THE AUTHOR

...view details