অসম

assam

ETV Bharat / bharat

বায়ু সেনাৰ বিমান ঘাটিত ক'ভিড ৰোগীৰ বাবে বিচনাৰ ব্যৱস্থা

বেংগালুৰুৰ জালাহাল্লিত বায়ু সেনাৰ বিমান ঘাটিত ক'ভিড ৰোগীৰ বাবে ১০০ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে । বায়ু সেনাৰ কামাণ্ড হাস্পতালৰ চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়াৱ ৰোগীসকলক ।

COVID care facility for public at Air Force Station in Bengaluru
বেংগালুৰুত বায়ু সেনাৰ বিমান ঘাটিত ক'ভিড ৰোগীৰ বাবে ১০০ খন বিচনাৰ ব্যৱস্থা

By

Published : May 6, 2021, 11:48 AM IST

নেশ্যনেল ডেস্ক, ৬ মে': কৰ'ণাৰ সংকট কালত সাধাৰণ ৰাইজৰ সুবিধাৰ্থে বায়ু সেনায়ো নিজৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়াই আহিছে । বৃহস্পতিবাৰৰ পৰা বেংগালুৰুৰ জালাহাল্লিত বায়ু সেনাৰ বিমান ঘাটিত ক'ভিড ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । ভাৰতীয় বায়ু সেনাই বুধবাৰে টুইটযোগে এই বিষয়ে কিছু তথ্য প্ৰকাশ কৰিছিল ।

এই ক'ভিড কেয়াৰ কেন্দ্ৰত ১০০ খন বিচনাৰ ব্যৱস্থা কৰা হৈছে আৰু কেন্দ্ৰটো বায়ু সেনাৰ কামাণ্ড হাস্পতালৰ চিকিৎসা কৰ্মীয়ে পৰিচালনা কৰিব । ভাৰতীয় বায়ু সেনাই জনোৱা মতে, ক'ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি সময়ত মহামাৰীৰ সৈতে যুঁজি দিয়াৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় বায়ু সেনাৰ এখন আইএল-৭৬ এয়াৰক্ৰাফ্টে ছিংগাপুৰৰ পৰা হিন্দনলৈ ৩৫০টা অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই আনিছে ।

আন এখন আইএল-৭৬ এয়াৰক্ৰাফ্টে বেংককৰ পৰা পানাগড়লৈ তিনিটা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ কঢ়িয়াই আনিছে । ইফালে, বায়ু সেনাৰ এখন চি-১৭ এয়াৰক্ৰাফ্টো অষ্ট্ৰেলিয়াৰ পাৰ্থৰ পৰা পানাগড় এয়াৰবেছলৈ ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ কঢ়িওৱাৰ কামত নিয়োজিত হৈ আছে । ভাৰতলৈ অক্সিজেন চিলিণ্ডাৰ অনাৰ বাবে বুধবাৰে এখন আইএল-৭৬ ছিংগাপুৰত উপস্থিত হয় ।

ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ আৰু চিলিণ্ডাৰ কঢ়িওৱাৰ উপৰিও বুধবাৰে অক্সিজেন উৎপাদন প্ৰকল্পৰ বাবে প্ৰয়োজনীয় সামগ্ৰী চুলুৰৰ পৰা দিল্লীলৈ বিমানযোগে প্ৰেৰণ কৰা হয় । চি-17ৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ পাৰ্থৰ পৰা চেন্নাইলৈ অক্সিজেনৰ কণ্টেইনাৰবোৰ কঢ়িওৱাৰ কাম অব্যাহত আছে বুলিও বায়ু সেনাই জানিবলৈ দিছে ।

লগতে পঢ়ক:কাৰাৰুদ্ধ হুৰিয়ত নেতা মহম্মদ আশ্ৰফ চেহৰাইৰ দেহাৱসান

ABOUT THE AUTHOR

...view details