নেশ্যনেল ডেস্ক, ২ জানুৱাৰী :শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল যে, ৩ জানুৱাৰীত আৰম্ভ হ'ব ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্ৰদানৰ অভিযান । উক্ত বয়সৰ কিশোৰ-কিশোৰীসকলে ক'ভিড প্ৰতিষেধকৰ বাবে পঞ্জীয়ন ১ জানুৱাৰীৰ পৰা কৰিব পাৰিব বুলি কোৱা হৈছিল । ইয়াৰ পাছতে ভাৰত চৰকাৰৰ Co-WIN পৰ্টেলত ১ জানুৱাৰীৰ পৰা কিশোৰ-কিশোৰীসকলৰ বাবে পঞ্জীয়ন আৰম্ভ হয় ।
জানিব পৰা মতে, দেওবাৰে পুৱালৈ ৩.৫ লাখৰো অধিক হিতাধিকাৰী কিশোৰ-কিশোৰীয়ে প’ৰ্টেলত পঞ্জীয়ন সম্পূৰ্ণ কৰিছে (Over 3 lakh children register on Co-WIN) । Co-WIN পৰ্টেলৰ তথ্য অনুসৰি, ১৫-১৮ বছৰ বয়সৰ ৩,৫৭,৯৮৪ গৰাকী হিতাধিকাৰীয়ে পুৱা ৯.৩০ বজাৰ ভিতৰত প’ৰ্টেলত পঞ্জীয়ন কৰিছে । প’ৰ্টেলৰ তথ্যই প্ৰকাশ কৰিছে যে, এতিয়ালৈকে Co-WIN পৰ্টেলত প্ৰায় ৯২,১৮,৬১,৮৭৮ টা পঞ্জীয়ন সম্পূৰ্ণ হৈছে । ইয়াৰ ভিতৰত ১৮-৪৪ বছৰ বয়সৰ ৫৭,৩৭,১৪,৯৬৯ গৰাকী আৰু ৪৫ বছৰৰ অধিক বয়সৰ ৩৪,৭৭,৮৮,৯২৫ গৰাকী লোকে পঞ্জীয়ন কৰিছে ।