আগৰতলা,২৩ জুলাই :দেশত পুনৰ ক'ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে (Covid situation in India)। বিভিন্ন ৰাজ্যত বহু লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । যাৰ বাবে ৰাজ্য চৰকাৰেসমূহে ক'ভিড প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে । ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্ততো দেখা গৈছে ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ (Covid cases increased in Tripura)।
যাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই স্বাস্থ্য বিভাগত বিশেষ নিৰ্দেশনা দিছে । ক'ভিড পৰিস্থিতি নিৰীক্ষণৰ লগতে পৰিস্থিতি অনুসৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত স্বাস্থ্য বিভাগৰ ভাৰ্চুৱেল বৈঠক ৰাজ্যখনৰ সামগ্ৰিক ক'ভিড পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰা হয় (Tripura CM virtual meeting with health department official)।
বৈঠকত স্বাস্থ্য বিভাগৰ চাৰিটা সঞ্চালকালয়ৰ সফলতা, প্ৰগতি, ভৱিষ্যতৰ কাম আৰু বিভিন্ন নতুন পদক্ষেপ সম্পৰ্কে এক বিস্তৃত আলোচনা কৰা হয় । স্বাস্থ্য সচিবে বিভাগটোৰ চলিত কাৰ্যসূচীৰ বিষয়ে বিতং তথ্য উপস্থাপন কৰে ।
বৈঠকত মুখ্যমন্ত্ৰী ড৹ সাহাই বিভাগটোৰ বিষয়াসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্যখণ্ডৰ আঁচনিসমূহৰ দ্ৰুত ৰূপায়ণৰ বাবে অধিক তৎপৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । লগতে আঁচনিসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈও পৰামৰ্শ প্ৰদান কৰে । ৰাজ্যখনৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ ওপৰত নিয়মীয়াকৈ পৰ্যালোচনা কৰাৰ লগতে পৰিস্থিতি অনুসৰি তাৎক্ষণিক ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগত নিৰ্দেশ দিয়ে (Tripura CM directs health department on Covid situation)।
মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰে । বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন জিলা চিকিৎসালয় আৰু মহকুমা চিকিৎসালয়সমূহত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা সেৱা সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
তেওঁ স্বাস্থ্য সেৱাৰ বিভিন্ন স্তৰৰ আন্তঃগাঁথনিৰ বিকাশৰ লগতে ৰোগীসকলৰ বাবে উন্নত সেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনায় । স্বাস্থ্য বিভাগত নতুন নিযুক্তি, আধুনিক সঁজুলিৰ ব্যৱহাৰ, ক'ভিড টীকাকৰণ আদিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় । বৈঠকত মুখ্য সচিব জে কে সিনহা, স্বাস্থ্য সচিব ড০ দেৱাশীষ বসুৰ লগতে বিভাগৰ মুৰব্বী আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক :India supplies crores of vaccine doses: ১০১খন দেশসহ ৰাষ্ট্ৰসংঘক ২৩.৯ কোটি পালি ক'ৰনা প্ৰতিষেধক ভাৰতৰ