নেশ্যনেল ডেস্ক, 24 এপ্ৰিল:দেশৰ ভিন্ন প্ৰান্তৰ লগতে লক্ষদ্বীপতো ক'ভিডৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি কোচিৰ চাউদাৰ্ণ নেভেল কমাণ্ডে দ্বীপসমূহত অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ বাবে নৌসেনাৰ দুখনকৈ জাহাজ নিয়োগ কৰিছে ৷ 'অক্সিজেন এক্সপ্ৰেছ' নামৰ এই জাহাজ কেইখনে দ্বীপটোলৈ অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই নিয়াৰ লগতে খালী চিলিণ্ডাৰ সমূহো সংগ্ৰহ কৰিব ৷
এক বিবৃতিযোগে চাউদাৰ্ণ নেভেল কমাণ্ডে কয় যে, "লক্ষদ্বীপৰ কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত ক'ভিড-19 ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লগতে প্ৰশাসনক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে কোচিৰ চাউদাৰ্ণ নেভেল কমাণ্ডে অক্সিজেন এক্সপ্ৰেছ নামেৰে নৌসেনাৰ দুখনকৈ জাহাজ অক্সিজেন যোগান ধৰাৰ বাবে নিয়োগ কৰিছে ৷"