নেশ্য়নেল ডেস্ক , ২৫ ডিচেম্বৰ :কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিয়াল কল্য়াণ মন্ত্ৰালয়ৰ শুকুৰবাৰৰ তথ্য় অনুসৰি ভাৰতত এটা দিনত ২৩ হাজাৰ ৬৭ টা নতুনকৈ আক্ৰান্তৰে COVID-19 ত আক্ৰান্তৰ মুঠ সংখ্য়া হ'লগৈ ১ কোটি ১ লাখ ৪৬ হাজাৰ ৮৪৫ টা , ইফালে ৯৭ লাখৰ ঘৰ অতিক্ৰম কৰিছে সুস্থ হোৱাৰ লোকৰ সংখ্য়া । পুৱা ৮ বজাৰ তথ্য় অনুসৰি নতুনকৈ ৩৩৬ গৰাকীৰ মৃত্য়ুৰে এই মহামাৰীত মৃত্য়ু হোৱা লোকৰ সংখ্য়া অতিক্ৰম কৰিলে ১ লাখ ৪৭ হাজাৰ ৯২ গৰাকীলৈ । এই ৰোগৰ পৰা বৰ্তমানলৈ সুস্থ হৈছে ৯৭ লাখ ১৭ হাজাৰ ৮৩৭ গৰাকী ।
ৰাষ্ট্ৰীয় সুস্থৰ হাৰ বৃদ্ধি হৈছে ৯৫.৭৭ শতাংশলৈ আনফালে COVID-19 ত মৃত্যুৰ হাৰ সম্প্ৰতি ১.৪৫ শতাংশ । ইয়াৰ মাজতে আশাৰ খবৰ যে বিগত ৪ দিন ধৰি দেশত COVID-19ত সক্ৰিয় ৰোগীৰ সংখ্য়া ৩ লাখৰ তলত আছে । তথ্য় অনুসৰি দেশত সক্ৰিয় ৰোগীৰ সংখ্য়া ২ লাখ ৮১ হাজাৰ ৯১৯ জন, এই সংখ্য়া মুঠ আক্ৰান্তৰ সংখ্য়াৰ ২.৭৮ শতাংশ ।