নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: কৰ'ণাসৃষ্ট পৰিস্থিতি সংকটজনক হৈ থকাৰ সময়তে মহাৰাষ্ট্ৰৰ বিড জিলাত ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰোগীৰ আত্মীয় । বিড জিলাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দুজন ৰোগীৰ অক্সিজেন যোগান ভাল্ভ কোনো অচিনাক্ত ব্যক্তিয়ে বন্ধ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
শুক্ৰবাৰে নিশা এই ঘটনা সংঘটিত হয় । ৰোগী দুজন চিকিৎসালয়খনৰ ৭ নং ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল । শনিবাৰে ৰোগী দুজনৰ আত্মীয়ই দাবী কৰিছে যে, দুয়োজন ৰোগী ভেণ্টিলেশ্যনত আছিল । আনহাতে, কেৱল এজন ৰোগীহে ভেণ্টিলেশ্যনত আছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰিছে । বিড জিলা অসামৰিক চিকিৎসালয়ৰ অতিৰিক্ত অসামৰিক শল্য চিকিৎসক ডাঃ সুখদেৱ ৰাথোড়ে জনোৱা মতে, চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীয়ে অক্সিজেন যোগান ভাল্ভ বন্ধ হৈ থকা প্ৰত্যক্ষ কৰিছিল ।