নিউজ ডেস্ক, 12 মাৰ্চ : ত্ৰিপুৰাত দেওবাৰে ক’ভিডত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয় ৷ আনহাতে ৰাজ্যখনত বিগত 24 ঘণ্টাত 48 জন লোক নতুনকৈ ক’ৰণাত আক্ৰান্ত হৈছে ৷ ত্ৰিপুৰাত নতুনকৈ ক’ৰণাত সংক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মহামাৰীৰ সম্ভাৱ্য দ্বিতীয় ঢৌৰ আশংকা কৰা হৈছে । বিগত এসপ্তাহত ৰাজ্যখনত ক’ৰণা সংক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে । প্ৰশাসনে নতুন সংক্ৰমণৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষণৰ সংখ্যা পুনৰ বৃদ্ধি কৰিছে ৷ দেওবাৰে আৰ টি পি চি আৰ আৰু ৰেপিড এণ্টিজেন টেষ্ট জৰিয়তে মুঠ 1,867 টা নমুনা পৰীক্ষণ কৰা হয় । ক’ভিড পজিটিভৰ হাৰ ৫.১৬ শতাংশ ।
ত্ৰিপুৰাত ক’ৰণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু - আৰ টি পি চি আৰ
ত্ৰিপুৰাত নতুনকৈ ক’ৰণা সংক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মহামাৰীৰ সম্ভাৱ্য দ্বিতীয় ঢৌৰ আশংকা কৰা হৈছে । বিগত এসপ্তাহত ৰাজ্যখনত ক’ৰণা সংক্ৰমণৰ ঘটনা যথেষ্ট বৃদ্ধি হোৱাৰ খবৰ পোৱা গৈছে । প্ৰশাসনে নতুন সংক্ৰমণৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষণৰ সংখ্যা পুনৰ বৃদ্ধি কৰিছে ৷
ত্ৰিপুৰাত ক’ৰণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু