অসম

assam

ETV Bharat / bharat

WHO on Covid : এতিয়াৰে পৰা স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা নহয় ক'ভিড; WHO - Public Health Emergency of International Concern

ক'ভিডক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ গুৰুত্বপূৰ্ণ ঘোষণা (WHO announcement on Covid)। স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা সমাপ্ত কৰাৰ ঘোষণা সংস্থাৰ । সংস্থাৰ জৰুৰীকালীন সমিতিৰ ১৫ তম বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে ।

WHO on Covid
এতিয়াৰে পৰা স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা নহয় ক'ভিড

By

Published : May 6, 2023, 6:44 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৬ মে' :ক'ভিড মহামাৰী এতিয়া আৰু স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা নহয় (Covid no longer public health emergency)। এই ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ । প্ৰায় ৩ টা বছৰ ক'ভিডে বিশ্ববাসীক প্ৰভাৱিত কৰাৰ পাচতে শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাই এই গুৰুত্বপূপৰ্ণ ঘোষণা কৰে ।

ক'ভিড-১৯ক ২০২০ চনৰ জানুৱাৰীত আন্তৰ্জাতিক উদ্বেগৰ স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা (Public Health Emergency of International Concern) হিচাবে ঘোষণা কৰা হৈছিল । তাৰ প্ৰায় ৬ সপ্তাহৰ পাচত, ইয়াক মহামাৰী হিচাবে চিহ্নিত কৰা হৈছিল । এই মহামাৰীত এতিয়ালৈ ৭৬৩ নিযুতৰো অধিক লোক সংক্ৰমিত হৈছে আৰু বিশ্বব্যাপী ৬.৯ নিযুতৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ।

ক'ভিড-১৯ত বৰ্তমানৰ পৰিস্থিতিৰ ভিত্তি কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে বৃহস্পতিবাৰে আন্তৰ্জাতিক স্বাস্থ্য নিয়মাৱলী (২০০৫) (আইএইচআৰ) জৰুৰীকালীন সমিতিৰ ১৫ তম বৈঠকত স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা সমাপ্ত কৰাৰ পৰামৰ্শ দিয়ে (WHO announcement on Covid)।

সমিতিৰ স্থিতি যোৱা কেইবামাহ ধৰি পৰিৱৰ্তন হৈ আছে । শুকুৰবাৰে এক সংবাদমেলত ঘেব্ৰেয়েচাছে কয় যে এবছৰৰো অধিক সময় ধৰি মহামাৰীৰ প্ৰভাৱ নিম্নমুখী হোৱা দেখা গৈছে । এনে পৰিস্থিতিত বেছিভাগ দেশে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছে ।

জৰুৰীকালীন সমিতিয়ে তেওঁক পৰামৰ্শ দিছে যে তেওঁ আন্তৰ্জাতিক উদ্বেগৰ স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ সমাপ্তি ঘোষণা কৰিব পাৰে । সেই পৰামৰ্শ গ্ৰহণ কৰিয়ে তেওঁ এই ঘোষণা কৰিছে । অৱশ্যে, এইচ.আই.ভি.-ৰ দৰে ক'ভিড-১৯ ভাইৰাছৰ মহামাৰীৰ স্থিতি অব্যাহত থাকিব । নতুনকৈ ক'ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে যদিও সংক্ৰমণ আৰু মৃত্যু ৩ বছৰত সৰ্বনিম্ন হৈছে । অৱশ্যে এপ্ৰিলৰ শেষ সপ্তাহত ৩,৫০০ ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু কোটি কোটি লোক এতিয়াও টীকাকৰণ নোহোৱাকৈয়ে আছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশকে লগতে উদ্বেগ প্ৰকাশ কৰি কয় যে বিশ্ব স্বাস্থ্য সংস্থাত নিৰীক্ষণ প্ৰতিবেদন যথেষ্ট হ্ৰাস পাইছে আৰু মহামাৰীৰ ক্লান্তি বাঢ়ি গৈ আছে । ইফালে, বহুতো দেশে ক'ভিডৰ জৰুৰীকালীন অৱস্থাও সমাপ্ত কৰিছে । আমেৰিকাযুক্ত ৰাষ্ট্ৰই ১১ মে'ত ক'ভিড জৰুৰীকালীন অৱস্থা উঠাই লোৱাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক :Encounter in Baramulla : জম্মু-কাশ্মীৰৰ এনকাউণ্টাৰত ২ টা সন্ত্ৰাসবাদী নিহত

ABOUT THE AUTHOR

...view details