অসম

assam

By

Published : Mar 13, 2021, 3:16 PM IST

ETV Bharat / bharat

মধ্যপ্ৰদেশত পুনৰ সান্ধ্য আইন জাৰিৰ সম্ভাৱনা

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জনোৱা মতে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা পুনৰ বৃদ্ধি হ'লে ভূপাল আৰু ইন্দোৰত নৈশ সান্ধ্য আইন জাৰি কৰা হ'ব । চুবুৰীয়া ৰাজ্য মহাৰাষ্ট্ৰৰ পৰা বিমান, ৰে’ল বা আন বাহনেৰে ৰাজ্যখনলৈ অহা লোকসকলৰ ক্ষেত্ৰত স্বাস্থ্য সম্পৰ্কীয় সকলো দিশ পুংখানুপুংখভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে ।

মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু ভূপালত পুনৰ সান্ধ্য আইন দিয়াৰ সম্ভাৱনা
মধ্যপ্ৰদেশৰ ইন্দোৰ আৰু ভূপালত পুনৰ সান্ধ্য আইন দিয়াৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ:দেশত কোভিড প্ৰতিৰোধক হিচাপে টীকাকৰণ প্ৰক্ৰিয়া চলি আছে যদিও একাংশ ৰাজ্যত পুনৰ বৃদ্ধি হৈছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । আনকি কিছুমান স্থানত সান্ধ্য আইন জাৰি কৰাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে । মধ্যপ্ৰদেশৰ দুখন জিলা ক্ৰমে ভূপাল আৰু ইন্দোৰত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ'ণা ৰোগীৰ সংখ্যা । ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে লগে এতিয়া ৰাজ্য চৰকাৰো চিন্তিত হৈ পৰিছে । শুকুৰবাৰে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিকলৈ এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হয় । বৈঠকৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে এক বিবৃতি প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বিবৃতি যোগে জনোৱা মতে, যদি ৰোগীৰ সংখ্যা এনেদৰে বৃদ্ধি হৈ থাকে তেনেহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দেওবাৰ অথবা সোমবাৰৰ পৰা দুয়োখন জিলাতে নৈশ সান্ধ্য আইন জাৰিৰ সম্ভাৱনা আছে । মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা মতে, চুবুৰীয়া ৰাজ্য মহাৰাষ্ট্ৰৰ পৰা বিমান,ৰে’ল অথবা আন বাহনেৰে অহা লোকসকলক থাৰ্মেল স্কেন কৰাটো অতি প্ৰয়োজন । লগতে মহাৰাষ্ট্ৰৰ পৰা অহা লোকৰ সংখ্যা সীমিত কৰিব লাগে বুলিও বৈঠকত সিদ্ধান্ত লোৱা হয় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সকলো বিষয়াকে কঠোৰ নিৰ্দেশনা দিছে যাতে ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে অতি শীঘ্ৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে । ইফালে শুকুৰবাৰৰ দিনটোত মধ্যপ্ৰদেশত ৬০৩ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । ৰাজ্যখনৰ ইন্দোৰ জিলাত আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে ।

ইন্দোৰত নতুনকৈ আক্ৰান্ত হয় ২১৯ গৰাকী লোক আৰু ইয়াৰ লগে লগে মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ ৬১ হাজাৰ ৬৪২ গৰাকী । জিলাখনত বৰ্তমানলৈ মৃত্যু হৈছে ৯৪০ গৰাকী লোকৰ আৰু সক্ৰিয় ঘটনা আছে ১,৫২৮ টা । আনহাতে ভূপালত নতুনকৈ আক্ৰান্তৰ ১৩৮ টা ঘটনা পোহৰলৈ অহাৰ লগে লগে জিলাখনৰ মুঠ আক্ৰান্তৰ সংখ্যা হ'ল ৪৫ হাজাৰ ৭৯ গৰাকী । বৰ্তমানলৈ ইয়াত ৬২১ গৰাকী লোকে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে আৰু এতিয়াও ৮০৬ গৰাকী লোক আক্ৰান্ত হৈ আছে ।

লগতে পঢ়ক:তৃণমূল কংগ্ৰেছত যোগদান প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হাৰ

ABOUT THE AUTHOR

...view details