নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: দেশত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । তাৰ বাবে কোনো স্থানত ৰাজ্যৰ প্ৰশাসনে লক ডাউন, নৈশ সান্ধ্য আইন জাৰি কৰিছে । দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ বাৰাণসী জিলা প্ৰশাসনেও গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । সেই অনুসৰি বাৰাণসীৰ বিশ্বনাথ মন্দিৰ, সংকটমোচন মন্দিৰ আৰু অন্নপূৰ্ণ মন্দিৰত প্ৰৱেশ কৰিবলৈ বাধ্যতামূলক হ’ব ক’ভিড পৰীক্ষাৰ ফলাফল ৷ মন্দিৰ কেইটাত অহা সকলো ভক্তৰ কৰ'ণা পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাতো বাধ্যতামূলক কৰিছে বাৰাণসী জিলা প্ৰশাসনে । বুধবাৰে জিলাখনৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা সদৰী কৰে ।
উক্ত মন্দিৰ কেইটাৰ সমান্তৰালকৈ চহৰখনৰ হোটেলসমূহতো একেই নিৰ্দেশ কাৰ্যকৰী কৰা হ'ব । ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰিবলৈ তিনি দিনতকৈ অধিক পুৰণি কৰ'ণা পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাতো বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে ।