নেশ্যনেল ডেস্ক,11 এপ্ৰিল:দেশৰ সৰ্বাধিক ক’ভিড আক্ৰান্ত ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ মুম্বাই চহৰত পুনৰ ঘোষণা কৰা হৈছে সপ্তাহজোৰা লক ডাউন ৷ দেওবাৰে মুম্বাইৰ ৰাজপথবোৰত দেখা গ’ল এক নিৰ্জন ৰূপ ৷ দাদৰৰ শিৱাজী পাৰ্কতো দেওবাৰে দেখা নগ’ল কোনো দৰ্শনাৰ্থীৰ উপস্থিতি । মহাৰাষ্ট্ৰত শুকুৰবাৰে সন্ধিয়া ৮ বজাৰ পৰা সোমবাৰে পুৱা ৭ বজালৈ লক ডাউন জাৰি কৰা হৈছে ৷
কেৱল মাত্ৰ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ঘৰুৱা বিতৰণ আৰু বিভিন্ন পৰীক্ষাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ চলাচলৰ অনুমতি দিয়া হৈছে । উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে শনিবাৰে ৰাজ্যখনত লক ডাউন জাৰি কৰাৰ ইংগিত দিছিল ৷ সিদ্ধান্ত লোৱাৰ আগতে দেওবাৰে টাস্ক ফ'ৰ্চৰ সৈতে এখন বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী ।
ক‘ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই চহৰৰ বাবে 99,000 ক’ভিশ্বিল্ড ভেকছিনৰ পালি প্ৰেৰণ কৰা হৈছে । বিএমচিয়ে জনোৱা অনুসৰি, পালিবোৰ নাগৰিক আৰু চৰকাৰৰ দ্বাৰা পৰিচালিত ভেকছিন কেন্দ্ৰবোৰলৈ বিতৰণ কৰা হ'ব ৷ মন কৰিবলগীয়া যে, ক’ভিড ভেকছিন পালিৰ অভাৱৰ ফলত শুকুৰবাৰে চহৰখনৰ ৭৫ টা টীকাকৰণ কেন্দ্ৰত টীকাকৰণ অভিযান অস্থায়ীভাৱে বন্ধ হৈ গৈছিল ।
শনিবাৰে চহৰখনত 9,327 টা নতুন কোভিড-19 ৰ ঘটনা পোহৰলৈ আহিছিল ৷ ফলত ৰাজ্যখনৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 5,10,225 জনলৈ বৃদ্ধি পালে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰত যোৱা 24 ঘণ্টাত 13,301 জন লোক নতুনকৈ ক’ভিড-19 ত আক্ৰান্ত হৈছে আৰু 301 জন লোকৰ মৃত্য়ু হৈছে । ৰাজ্যখনত বৰ্তমান 5,36,063 গৰাকী আক্ৰান্ত ব্যক্তি আছে । এতিয়ালৈকে প্ৰায় 26,95,148 জন কৰ’ণা আক্ৰান্ত ৰোগী আৰোগ্য হৈছে আৰু 57,329 জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷
লগতে পঢ়ক :সংবেদনশীল একত্ৰীকৰণ আৰু অ’টিজ্ম