অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত তিনি সপ্তাহৰ লক ডাউন ঘোষণাৰ পৰামৰ্শ

কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে মহাৰাষ্ট্ৰত ৰে'ল চলাচলত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ ইয়াৰ পিছতে ৰাজহুৱা স্থানত ভীৰ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰে সাহায্য আৰু পুনসংস্থাপন মন্ত্ৰী বিজয় ৱাডেট্টিৱাৰে ৷

COVID-19: Maha minister calls for 3-week long state lockdown
মহাৰাষ্ট্ৰত তিনি সপ্তাহৰ লকডাউনৰ ঘোষণাৰ পৰামৰ্শ সাহাৰ্য আৰু পুনসংস্থাপন মন্ত্ৰীৰ

By

Published : Apr 10, 2021, 10:58 AM IST

নেশ্যনেল ডেস্ক,10 এপ্ৰিল: মহাৰাষ্ট্ৰৰ মন্ত্ৰী বিজয় ৱাডেট্টিৱাৰে শুকুৰবাৰে ৰাজ্যখনত কৰ’ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে তিনি সপ্তাহৰ লক ডাউনৰ দিয়াৰ প্ৰয়োজন থকাৰ পোষকতা কৰে ৷ তেওঁ ৰাজ্যখনত কৰ’ণা সংক্ৰমণ ক্ৰমাগত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য কৰি কেৱল সপ্তাহান্তিক লক ডাউনে সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে যথেষ্ট নহয় বুলি মন্তব্য কৰে ৷ মহাৰাষ্ট্ৰৰ সাহায্য আৰু পুনসংস্থাপন মন্ত্ৰী বিজয় ৱাডেট্টিৱাৰে এক সাক্ষাৎকাৰত কয় যে, "আমি যিমান অধিক পাৰো সিমান পৰীক্ষা কৰিবলৈ চেষ্টা কৰি আছো ৷ কিন্তু ইয়াৰ বাবে অধিক জনশক্তিৰ প্ৰয়োজন । আমি শীঘ্ৰেই স্নাতকোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰা চিকিৎসকসকলক লৈ পাঁচ লাখ চিকিৎসক লাভ কৰিম" ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, "কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে আমি ৰে'ল চলাচলৰ ওপৰত নিয়ন্ত্ৰণ আনিব লাগিব আৰু ৰাজহুৱা স্থানত ভিৰ বন্ধ কৰিব লাগিব ৷ সাহায্য আৰু পুনসংস্থাপন মন্ত্ৰী হিচাপে মই কেৱল সপ্তাহান্তিক লক ডাউনৰ পৰিৱৰ্তে তিনি সপ্তাহৰ কঠোৰ লক ডাউন ৰখাৰ বাবে আহ্বান জনাম" ৷ তেওঁ এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ লগতো আলোচনা কৰাৰ কথা ব্যক্ত কৰে ৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰত বুধবাৰে সৰ্বাধিক 59,907 গৰাকী আৰু বৃহস্পতিবাৰে 56,286 গৰাকী ব্যক্তি কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে ৷ ইয়াৰ লগতে ৰাজ্যখনত কৰ’ণা সংক্ৰমণৰ ঘটনা 32,29,547 গৰাকীলৈ বৃদ্ধি পায় ।

লগতে পঢ়ক :বেংকত ধন জমা থবলৈ আহি গ্ৰেপ্তাৰ মহিলা

ABOUT THE AUTHOR

...view details