অসম

assam

By

Published : Apr 16, 2021, 7:49 PM IST

ETV Bharat / bharat

দেওবাৰৰ পৰা উত্তৰ প্ৰদেশত লকডাউনৰ ঘোষণা

দেওবাৰৰ পৰা উত্তৰ প্ৰদেশত জাৰি কৰা হ'ব লকডাউন । দেওবাৰৰ পৰা ৰাজ্যখনৰ সকলো গ্ৰাম্য আৰু নগৰাঞ্চল বন্ধ থাকিব । অৱশ্যে জৰুৰীকালীন সেৱাসমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা গ্ৰহণ কৰা নহয় ।

দেওবাৰে উত্তৰপ্ৰদেশত লকডাউন ঘোষণা
দেওবাৰে উত্তৰপ্ৰদেশত লকডাউন ঘোষণা

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: দেশত দ্ৰুত গতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যৰ প্ৰশাসনে নৈশ সান্ধ্য আইনৰ লগতেলকডাউন জাৰি কৰিছে । দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে দেওবাৰৰ পৰা ৰাজ্যজুৰি লকডাউন জাৰি কৰাৰ কথা ঘোষণা কৰিছে ।

চৰকাৰৰ নিৰ্দেশনা অনুসৰি দেওবাৰে ৰাজ্যখনৰ সকলো গ্ৰাম্য আৰু নগৰাঞ্চল সমূহ বন্ধ থাকিব । অৱশ্যে জৰুৰীকালীন সেৱা সমূহৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নহয় । উত্তৰ প্ৰদেশ চৰকাৰে সকলোৰে বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে এই নিয়ম ভংগকাৰী সকলক এহেজাৰ টকা পৰ্যন্ত জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে ৷ এই জৰিমণাৰ লগতে একেটা ভূলকে পুনৰাই কৰিলে নিৰ্ধাৰিত মূল্যতকৈ দহগুণ পৰিমাণৰ জৰিমণা বিহাৰ বাবেও চৰকাৰে সিদ্ধান্ত লৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথমটো পৰ্যায় অতি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰা হৈছে । পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এক উদাহৰণস্বৰূপ হোৱাৰ বাবে একাংশ ঠাইত শান্তি ভংগকাৰী সকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্তব্য কৰে ৷ উল্লেখ্য যে, ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈ বৃহস্পতিবাৰে ১০৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২২,৪৩৯ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯,৪৮০ লৈ বৃদ্ধি পায় আৰু মুঠ আক্ৰান্তৰ সংখ্যা ৭,৬৬,৩৬০ জনলৈ বৃদ্ধি পায় ।

লগতে পঢ়ক: কৰ'ণাৰ কালৰূপৰ মাজতে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ শ্বাহ-নাড্ডাৰ

ABOUT THE AUTHOR

...view details