অসম

assam

COVID-19: ভাৰতত ৮৩ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই

By

Published : Nov 5, 2020, 3:02 PM IST

দেশত অব্যাহত আছে মহামাৰীৰ ত্ৰাস। ৫০,২১০জন নতুনকৈ কৰ'ণা আক্ৰান্ত ৰোগীসহ ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮৩,৬৪,০৮৬ জন। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্য়াণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। যোৱা ২৪ ঘণ্টাত ৫০,২১০জন লোক মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে ৭০৪ জন ৰোগীৰ মৃত্যু হৈছে।

COVID-19: ভাৰতত ৮৩ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই
COVID-19: ভাৰতত ৮৩ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই

নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্য়াণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, ভাৰতত যোৱা ২৪ ঘণ্টাত ৫০,২১০টা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। COVID-19ত আক্ৰান্ত হৈ ২৪ ঘণ্টাত ৭০৪ জন ৰোগীৰ মৃত্যু হৈছে। এই পৰিসংখ্যাৰে ভাৰতৰ COVID-19 টেলী বুধবাৰে বৃদ্ধি হৈ ৮৩,৬৪,০৮৬ হয়গৈ। দিল্লীত বুধবাৰে ৬,৮৪২ জন লোক মহামাৰীত আক্ৰান্ত হৈছে। এতিয়ালৈ এটা দিনত হোৱা সংক্ৰমণৰ সংখ্যাৰ ভিতৰত এয়া সৰ্বাধিক।

বৰ্তমানলৈকে ৪,০৯,৯৩৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে। মুঠ ১৬,৯৮,১৯৮ জন আক্ৰান্তৰে মহাৰাষ্ট্ৰ আটাইতকৈ অধিক সংক্ৰমণ হোৱা ৰাজ্য হিচাপে চিহ্নিত হৈছে। মহাৰাষ্ট্ৰত ৪৪,৫৪৮ গৰাকী ৰোগীৰ মৃত্য়ু হৈছে। ইয়াৰ পিছতে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু দিল্লীত মহামাৰী সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সমগ্ৰ দেশত বৰ্তমান ৫,২৭,৯৬২টা COVID-19ৰ ঘটনা সক্ৰিয় হৈ আছে। ৭৭,১১,৮০৯ গৰাকী লোক আৰোগ্য হৈ উঠিছে আৰু মহামাৰীৰে যুঁজি মৃত্যুক আঁকোৱালি লৈছে ১,২৪,৩১৫ জন ৰোগীয়ে। দেশত বৰ্তমান আৰোগ্যৰ হাৰ ৯২.০৯ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৯ শতাংশ।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে ১২,০৯,৪২৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে মুঠ ১১,৪২,০৮,৩৮৪ জনৰ নমুনা পৰীক্ষণ সম্পন্ন হৈছে। জনছ হপকিন্ছ বিশ্ববিদ্যালয়ৰ মতে বিশ্বজুৰি কৰ'ণা আক্ৰান্তৰ মুঠ সংখ্যা প্ৰায় ৪৮ মিলিয়ন আৰু মৃত্যু হোৱা লোকৰ সংখ্য ১২,২৩,৪৫০জন। বৃহস্পতিবাৰে পুৱাৰ ভাগলৈকে চিষ্টেম ফৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ শেহতীয়া আপডেটত কোৱা হৈছে যে, মুঠ আক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ সংখ্য়া ক্ৰমন্বয়ে ৪,৭৯,৯৭,৮১৬ আৰু ১২,২৩,৪৫৬।

লগতে পঢ়ক: মমতা চৰকাৰৰ বিৰুদ্ধে থকা ক্ষোভ অনুমেয় : শ্বাহ

ABOUT THE AUTHOR

...view details