অসম

assam

ETV Bharat / bharat

COVID-19: ঝাৰখণ্ডৰ সামগ্ৰিক তথ্য

কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ ভয়ৱহতা অব্যাহত আছে দেশৰ ভিন্ন ৰাজ্যত। ঝাৰখণ্ডত ৩৯৭ গৰাকী লোক নতুনকৈ COVID-19ত আক্ৰান্ত হৈছে। মহামাৰীৰ কবলত নতুনকৈ ৫জন ৰোগীৰ মৃত্যু হৈছে।

COVID-19: ঝাৰখণ্ডৰ সামগ্ৰিক তথ্য
COVID-19: ঝাৰখণ্ডৰ সামগ্ৰিক তথ্য

By

Published : Nov 4, 2020, 2:28 PM IST

নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ: ঝাৰখণ্ডৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনত কৰ'ণা আক্ৰান্তৰ সংখ্যাই ১,০৭,৮৮৭ স্পৰ্শ কৰিছে। শেহতীয়াকৈ ৩৯৭ গৰাকী লোকৰ দেহত COVID-19ৰ উপস্থিতি ধৰা পৰিছে। বিষয়াগৰাকীয়ে কয় যে, কৰ'ণাত আক্ৰান্ত হৈ ৫ গৰাকী ৰোগীয়ে প্ৰাণ হেৰুওৱাৰ পিছত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৯১ জনলৈ বৃদ্ধি পায়। নতুনকৈ ৰাঁচী আৰু পূৱ সিংহভূমৰ দুগৰাকী ৰোগীৰ মৃত্যু হৈছে আৰু পশ্চিম সিংহভূমৰ এজন ৰোগীৰো মৃত্যু হৈছে। ৰাঁচী জিলাত আটাইতকৈ বেছি ১০৮ জন লোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে।

COVID-19: ঝাৰখণ্ডৰ সামগ্ৰিক তথ্য

সৰ্বাধিক সংক্ৰমণ হোৱা জিলাৰ দ্বিতীয় স্থানত আছে পূৱ সিংহভূম জিলা। পূৱ সিংহভূমত ৭৬ জন লোক আক্ৰান্ত হৈছে। ইয়াৰ পিছতে ধনবাদত ৩৯ জন আৰু বোকাৰ'ত ২৭ গৰাকী লোক মহামাৰীৰ কবলত পৰিছে। স্বাস্থ্য বিভাগৰ বিষয়াই প্ৰকাশ কৰিছে যে, ঝাৰখণ্ডত বৰ্তমান ৫,০২১টা কৰ'ণা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে। ৰাজ্য়খনত ৯৬,৯৭৫ জন ৰোগী বৰ্তমান মহামাৰীৰ কবলৰ পৰা মুক্ত হৈ আৰোগ্য লাভ কৰিছে। ঝাৰখণ্ডত যোৱা ২৪ ঘণ্টাত ২৫,৮১৩ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

লগতে পঢ়ক:বে' অৱ বেংগলত আৰম্ভ নৌ-সেনাৰ সৰ্ববৃহৎ মালাবাৰ অনুশীলন

ABOUT THE AUTHOR

...view details