নতুন দিল্লী,13 নৱেম্বৰ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰে ভাৰতৰ COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে 87.28 লাখলৈ, আনহাতে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে 81,15,580 জন ৷ সমগ্ৰ দেশতে আৰোগ্য লাভৰ হাৰ বৃদ্ধি পাইছে 92.97 শতাংশলৈ । দেশত ২৪ ঘণ্টাৰ ভিতৰত সৰ্বাধিক ৫৪৭ জনৰ মৃত্যু হোৱাৰ পিছত মৃতকৰ সংখ্যা হৈছে গৈ ১,২৮,৬৬৮ জন ৷ আনহাতে COVID-19 আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে 1.47 শতাংশলৈ ৷ বৰ্তমানেও দেশত 4,84,547 জন ৰোগী চিকিৎসাধীন হৈ আছে ৷ 44,879 জন নতুন আক্ৰান্তৰ সৈতে, COVID-19 আক্ৰান্তৰ মুঠ সংখ্যা হৈছে 87,28,795 জন ৷
আই চি এম আৰ-ৰ তথ্য মতে, এতিয়ালৈকে মুঠ 12,31,01,739টা নমুনা পৰীক্ষা কৰা হৈছে আৰু তাৰ ভিতৰত শণিবাৰে মুঠ 11,39,230 টা নমুনা পৰীক্ষা কৰা হৈছে । শণিবাৰে মৃত্যু হোৱা 547 জন ৰোগীৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ 122 জন, দিল্লীৰ 104 জন, পশ্চিম বংগৰ 54 জন, কেৰালা আৰু তামিলনাডুৰ 25 জন,পঞ্জাৱৰ 23 জন, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ 21 জন, চত্তীশগড়ৰ 20 জন আৰু হাৰিয়ানাৰ 19 জন । এতিয়ালৈকে দেশত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে মুঠ 1,28,668 জন ৷ ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ 45,682 জন, কৰ্ণাটকৰ 11,474 জন , তামিলনাডুৰ 11,440জন, পশ্চিম বংগ 7,506জন, দিল্লীৰ 7,332 জন, উত্তৰ প্ৰদেশৰ 7,302 জন, অন্ধ্ৰ প্ৰদেশৰ 6,837 জন, পঞ্জাৱ 4,412 জন আৰু গুজৰাটৰ 3,785 জন ।