অসম

assam

ETV Bharat / bharat

COVID-১৯ঃ কৰ্ণাটকত ২৩ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ নৈশ সান্ধ্য আইন জাৰি - নৈশ সান্ধ্য আইন

কৰ্ণাটক চৰকাৰে ২৩ ডিচেম্বৰৰ নিশাৰ পৰা অহা ২ জানুৱাৰীলৈ ৰাজ্যখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে । মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰপ্পাই প্ৰকাশ কৰিছে যে, পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ সকলো কাম স্বাভাৱিকভাৱেই চলি থাকিব ।

কৰ্ণাটকত ২৩ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ নৈশ সান্ধ্য আইন জাৰি
কৰ্ণাটকত ২৩ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ নৈশ সান্ধ্য আইন জাৰি

By

Published : Dec 23, 2020, 5:25 PM IST

নেশ্যনেল ডেস্ক, ২৩ ডিচেম্বৰ: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰপ্পাই বুধবাৰে কয় যে, ৰাজ্য চৰকাৰে COVID-১৯ৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ ৰাজ্যতে নৈশ সান্ধ্য আইন জাৰি কৰিছে । ২৩ ডিচেম্বৰৰ নিশাৰ পৰা বলৱৎ হ'বলগীয়া নৈশ সান্ধ্য আইন অহা ২ জানুৱাৰীৰ নিশালৈকে অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে কৰ্ণাটক চৰকাৰে ।

কৰ্ণাটকত ২৩ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ নৈশ সান্ধ্য আইন জাৰি

স্বাস্থ্য মন্ত্ৰী কে সুধাকৰ আৰু ৰাজ্যিক টেকনিকেল পৰামৰ্শদাতা কমিটী আৰু শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে । বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে, COVID-১৯ৰ নতুন সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰ আৰু টেকনিকেল পৰামৰ্শদাতা কমিটীৰ পৰামৰ্শ মতে, কৰ্ণাটক চৰকাৰে ২৩ ডিচেম্বৰৰ নিশাৰ পৰা অহা ২ জানুৱাৰীলৈকে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে নৈশ সান্ধ্য আইন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

এই আইন সমগ্ৰ ৰাজ্যখনতে বলৱৎ হ'ব বুলিও জনায় য়েদিয়ুৰপ্পাই । মহামাৰীৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত সকলো লোককে সহযোগিতা আগবঢ়াৱলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে । লক্ষণীয়ভাৱে, মহাৰাষ্ট্ৰৰ পৌৰ এলেকাতো সোমবাৰৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে । বি এছ য়েদিয়ুৰপ্পাই কয় যে, বিদেশৰ পৰা ৰাজ্যখনলৈ আহিবলগীয়া সকলো লোকৰে COVID-১৯ পৰীক্ষাৰ প্ৰমাণপত্ৰ থকাতো বাধ্যতামূলক আৰু এই পৰীক্ষা যাত্ৰাৰ ৭২ ঘণ্টাৰ পূৰ্বে কৰিব লাগিব ।

বিমানবন্দৰত যাৱতীয় সকলো ব্যৱস্থা কৰা হৈছে । COVID-১৯ পৰীক্ষা নকৰা কোনো লোক যাতে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে সেই বিষয়ে লক্ষ্য ৰখাৰ বাবে বিমানবন্দৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে বিমানবন্দৰত স্বাস্থ্য কৰ্মী নিয়োগ কৰা হৈছে । সাংবাদিকৰ এটা প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যখনত নিশাহে সান্ধ্য আইন বলৱৎ কৰা হৈছে ।

পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ সকলো কাম স্বাভাৱিকভাৱেই চলি থাকিব । সান্ধ্য আইন অব্যাহত থকাৰ সময়ত কোনো লোককে বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই সন্দৰ্ভত শীঘ্ৰেই এক নিৰ্দেশনা জাৰি কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগত পঢ়ক:বিকাশ ডুবেৰ ভাতৃৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details