নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে জন্মু-কাশ্মীৰতো মহামাৰী কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত প্ৰতিদিনে কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ ১১ খন জিলাত পৰৱৰ্তী ৮৪ ঘণ্টাৰ বাবে লক ডাউন জাৰি কৰা হ'ব বুলি এগৰাকী জ্যেষ্ঠ্য বিষয়াই জনায় ।
বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাৰ পৰা সোমবাৰে পুৱা ৭ বজালৈকে সান্ধ্য আইন কাৰ্যকৰী হ'ব বুলি দুৰ্যোগ ব্যৱস্থাপনা সাহায্য, পুনঃসংস্থাপন আৰু পুনৰ্নিৰ্মাণ বিভাগৰ সচিব চিমৰণদীপ সিঙে বুধবাৰে সদৰী কৰে । শ্ৰীনগৰ, অনন্তনাগ, বাৰামুলা, বুদগাম, কুলগাম, পুলৱামা, গান্দেৰবাল, জম্মু, কাঠুৱা, ৰিয়াচি, উধামপুৰকে ধৰি ১১ খন জিলাত বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাৰ পৰা সোমবাৰে পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি কৰা হ'ব বুলি কয় সিঙে ।