অসম

assam

দেশত এদিনতে ৩,৭৯,২৫৭ জন কৰ'ণাত আক্ৰান্ত

By

Published : Apr 29, 2021, 7:14 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৭৯,২৫৭ জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । ইফালে, ২,৬৯,৫০৭ জনে আৰোগ্য লাভ কৰিছে আৰু ৩,৬৪৫ জন লোকে প্ৰাণ হেৰুৱাইছে ।

দেশত এদিনতে ৩,৭৯,২৫৭ জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত
দেশত এদিনতে ৩,৭৯,২৫৭ জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: সমগ্ৰ দেশ কাল কৰ'ণাৰ গ্ৰাসত । কৰ'ণা ভাইৰাচৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ দ্ৰতগতিত বৃদ্ধি পাবলৈ ধৰিছে । বৃহস্পতিবাৰে পুৱা ৮ বজালৈকে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ৩,৭৯,২৫৭ জন লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । ভাৰতত আক্ৰান্তৰ সংখ্যাই বিশ্বৰ ভিতৰতে অভিলেখ সৃষ্টি কৰিছে । বৰ্তমানলৈকে কৰ'ণাত আত্ৰান্তৰ লোকৰ সংখ্যা ১,৮৩,৭৬,৫২৪ লৈ বৃদ্ধি পাইছে ।

ইফালে, যোৱা ২৪ ঘন্টাত ৩,৬৪৫ জন লোকে প্ৰাণ হেৰুৱাইছে । ফলত নিহত হোৱা লোকৰ সংখ্য়া ২,০৪,৮৩২ জনলৈ বৃদ্ধি পাইছে । আনহাতে, মুঠ ৩০,৮৪,৮১৪ টা ঘটনা সক্ৰিয় হৈ আছে । দেশত সক্ৰিয় ক’ভি়ড আক্ৰান্তৰ মুঠ হাৰ ১৬.৭৯ শতাংশ । ভাৰত চৰকাৰৰ এক বিবৃতিত প্ৰকাশিত তথ্য অনুসৰি, বৰ্তমান ভাৰতত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮২.১০ শতাংশ ।

যোৱা ২৪ ঘন্টাত নতুনকৈ ৩,৬৪৫ জন লোকে প্ৰাণ হেৰুৱাসকলৰ ভিতৰত মহাৰাষ্ট্ৰৰ ১,০৩৫ জন, দিল্লীৰ ৩৬৮ জন, ছত্তিশগড়ৰ ২৭৯ জন, উত্তৰ প্ৰদেশৰ ২৬৫ জন, কৰ্ণাটকৰ ২২৯ জন, গুজৰাটৰ ১৭৪ জন, ঝাৰখণ্ডৰ ১৪৯ জন, পঞ্জাৱৰ ১৪২ জন, ৰাজস্থানৰ ১২০ জন, উত্তৰাখণ্ডৰ ১০৮ জন আৰু মধ্য প্ৰদেশৰ ১০৫ জন ।

দেশত এতিয়ালৈকে মুঠ ২,০৪,৮৩২ জন লোকৰ মৃত্যু হৈছে । ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰৰ ৬৭,২১৪ জন, দিল্লীৰ ১৫,৩৭৭ জন, কৰ্ণাটকৰ ১৫,০৩৬ জন, তামিলনাডুৰ ১৩,৮২৬ জন, উত্তৰ প্ৰদেশৰ ১১,৯৪৩ জন, পশ্চিম বংগৰ পৰা ১১,১৫৯ জন, পাঞ্জাৱৰ ৮,৭৭২ জন আৰু ছত্তিশগড়ৰ ৮,০১৬ জন ।

বিগত বছৰত দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখৰ ঘৰ অতিক্ৰম কৰিছিল । ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে আৰু ১৯ ডিচেম্বৰত এক কোটিৰ ঘৰ অতিক্ৰম কৰিছিল ৷ আইচিএমআৰৰ তথ্য অনুসৰি,বুধবাৰে ১৭,৬৮,১৯০ টা নমুনা পৰীক্ষা কৰা হয় । ২৮ এপ্ৰিললৈকে মুঠ ২৮,৪৪,৭১,৯৭৯ টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক: চিকিৎসা সাহাৰ্য লৈ ভাৰতত উপস্থিত ৰাছিয়াৰ বিমান

ABOUT THE AUTHOR

...view details