নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল:দেশত কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মহামাৰীৰ দ্বিতীয় ঢৌৱে ইতিমধ্যে বিভিন্ন ৰাজ্যক জুৰুলা কৰিবলৈ আৰম্ভ কৰিছে । যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৩ লাখ ৪৯ হাজাৰ ৬৯১ গৰাকী লোক । লগতে দেশত একেদিনাই মৃত্যু হৈছে ২,৭৬৭ গৰাকী কৰ'ণা ৰোগীৰ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত মুঠ ২ লাখ ১৭ হাজাৰ ১১৩ গৰাকী ৰোগী হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ গৈছে ।
২৪ ঘণ্টাত ভাৰতত মৃ্ত্যু ২,৭৬৭ গৰাকী কৰ'ণা ৰোগীৰ - কৰ'ণাত আক্ৰান্ত হৈছে ৩ লাখ ৪৯ হাজাৰ ৬৯১ গৰাকী লোক
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৩ লাখ ৪৯ হাজাৰ ৬৯১ গৰাকী লোক । লগতে দেশত একেদিনাই মৃত্যু হৈছে ২,৭৬৭ গৰাকী কৰ'ণা ৰোগীৰ ।
২৪ ঘণ্টাত ভাৰতত মৃ্ত্যু ২৭৬৭ গৰাকী কৰ'ণা ৰোগীৰ
সম্প্ৰতি দেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে ১ কোটি ৬৯ লাখ ৬০ হাজাৰ ১৭২ টা । আৰোগ্য হোৱাৰ সংখ্যা মুঠ ১ কোটি ৪০ লাখ ৮৫ হাজাৰ ১১০ টা । বৰ্তমানলৈ দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ১ লাখ ৯২ হাজাৰ ৩১১ গৰাকীয়ে । বৰ্তমানেও দেশত সক্ৰিয় ঘটনা আছে ২৬ লাখ ৮২ হাজাৰ ৭৫১ টা ।