অসম

assam

By

Published : Apr 11, 2021, 1:55 PM IST

ETV Bharat / bharat

ভাৰতত নতুনকৈ ১,৫২,৮৭৯ জন কৰ'ণাত আক্ৰান্ত

দেশত যোৱা ২৪ ঘণ্টাত ১,৫২,৮৭৯জন লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হয় । লগতে ৯০,৫৮৪ জন লোকে আৰোগ্য লাভ কৰে । আনহাতে, ৮৩৯ জন লোকে মহামাৰীৰ কবলত মৃত্যুমুখত পৰে ।

ভাৰতত নতুনকৈ ১,৫২,৮৭৯ জন কৰ'ণাত আক্ৰান্ত
ভাৰতত নতুনকৈ ১,৫২,৮৭৯ জন কৰ'ণাত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ১১ এপ্ৰিল: ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত যোৱা ২৪ ঘণ্টাত ১,৫২,৮৭৯জন লোক নতুনকৈ ক'ভিড-১৯ ত আক্ৰান্ত হয় । লগতে ৯০,৫৮৪ জন লোকে আৰোগ্য লাভ কৰে । এই মূহুৰ্তলৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা মুঠ ১,৩৩,৫৮,৮০৫ গৰাকী । সুস্থ হোৱা লোকৰ সংখ্যা মুঠ ১,২০,৮১,৪৪৩ গৰাকী ।

ইফালে, মন্ত্ৰালয়ৰ মতে, শনিবাৰৰ দিনটোত ৮৩৯ জন লোকে মহামাৰীৰ কবলত মৃত্যুমুখত পৰে । ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৬৯,২৭৫ জনলৈ বৃদ্ধি পায় । মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই মূহূৰ্তলৈ মুঠ ১১,০৮,০৮৭ টা ঘটনা সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক: জন্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত তিনি সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details