নেশ্যনেল ডেস্ক, ২০ মে': ভাৰতত কৰ'ণাৰ দৈনিক আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও উদ্বেগজনকভাৱে বৃদ্ধি হৈছে মৃতকৰ সংখ্যা । কিন্তু তাৰ মাজতে বিগত ২৪ ঘন্টাত হ্ৰাস পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা । চাৰি দিনৰ অন্তত বিগত ২৪ ঘণ্টাত দেশত ৩,৮৭৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যু মুখত পৰিছে । ইয়াৰ লগে লগে ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২,৮৭,১২২ জন । যোৱা চাৰিদিনৰ তুলনাত বুধবাৰে ৪,০০০তকৈ কম সংখ্যক লোকে প্ৰাণ হেৰুৱাইছে । মৃত্যুৰ হাৰ ১.১১ শতাংশ হৈছে । বিগত ২৪ ঘন্টাত দেশত ২,৭৬,১১০ গৰাকী লোক আক্ৰান্ত হৈছে । ফলত মুঠ আক্ৰান্তৰ সংখ্যা ২,৫৭,৭২,৪৪০ গৰাকীলৈ বৃদ্ধি পাইছে ।
ইফালে, সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে জনোৱা তথ্য অনুসৰি, ৩১,২৯,৮৭৮ গৰাকীলৈ হ্ৰাস পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা । মুঠ সংক্ৰমণৰ হাৰ ১২.১৪ শতাংশ । এতিয়ালৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ২,২৩,৫৫,৪৪০ গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ত ক'ভিড-১৯ৰ আৰোগ্যৰ হাৰ ৮৬.৭৪ শতাংশ ।
দেশত এতিয়ালৈকে মুঠ ২,৮৭,১২২ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৮৪,৩৪১ জন, কৰ্ণাটকৰ ২৩,৩০৬ জন, দিল্লীৰ ২২,৩৪৬ জন, তামিলনাডুৰ ১৮,৭৩৪ জন, উত্তৰ প্ৰদেশৰ ১৮,৩৫২ জন, পশ্চিমবংগৰ ১৩,৫২৫ জন আৰু পঞ্জাৱৰ ১২,৫২৫ জন আৰু ছত্তীশগড়ৰ ১২,১২৮ জন ।