নেশ্যনেল ডেস্ক, ১৯ মে':ভাৰতত কৰ'ণাৰ দৈনিক আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও উদ্বেগজনকভাৱে বৃদ্ধি হৈছে মৃতকৰ সংখ্যা । পূৰ্বৰ অভিলেখ ভংগ কৰি বিগত ২৪ ঘণ্টাত দেশত ৪,৫২৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যুমুখত পৰিছে । ইয়াৰ লগে লগে ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২,৮৩,২৪৮ টা ।
ইফালে মঙলবাৰৰ দিনটোত নতুনকৈ ২,৬৭,৩৩৪ গৰাকী কৰ'ণাত আক্ৰান্ত লোক ধৰা পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈ ভাৰতত ২,৫৪,৯৬,৩৩০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।