নেশ্যনেল ডেস্ক, ১৬ মে': কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে ভাৰতত । নিতৌ লাখ লাখ লোক মহামাৰীৰ গ্ৰাসত পৰিছে । ফলত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰিছে ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,১১,১৭০ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৪,০৭৭ জন ৰোগীয়ে । ইয়াৰ বিপৰীতে ৩,৬২,৪৩৭ জন লোক সুস্থ হৈ উঠিছে ।
উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতত ২,৪৬,৮৪,০৭৭ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৩৬,১৮,৪৫৮ জন । আনহাতে, এতিয়ালৈকে ২,০৭,৯৫,৩৩৫ জন আৰোগ্য হৈ উঠিছে ।