অসম

assam

ক'ভিড-১৯: দেশৰ শেহতীয়া তথ্য

By

Published : May 13, 2021, 1:21 PM IST

বিগত কেইবাদিনো ধৰি ভাৰতত ধাৰাবাহিকভাৱে দৈনিক কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে । যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,৬২,৭২৭ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৪,১২০ জন ৰোগীয়ে ।

Covid
ক'ভিডৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, ১৩ মে': দেশত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,৬২,৭২৭ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৪,১২০ জন ৰোগীয়ে । ইয়াৰ বিপৰীতে ৩,৫২,১৮১ জন লোক সুস্থ হৈ উঠিছে ।

উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতত ২,৩৭,০৩,৬৬৫ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৩৭,১০,৫২৫ জন । আনহাতে, এতিয়ালৈকে ১,৯৭,৩৪,৮২৩ জন আৰোগ্য হৈ উঠিছে । ইফালে, মহামাৰীৰ কবলত পৰি ভাৰতত বৰ্তমানলৈকে ২,৫৮,৩১৭ জনে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ সৈতে সম্পৰ্ক ছেদ NAFED ৰ

ABOUT THE AUTHOR

...view details