নেশ্যনেল ডেস্ক,১২ মে': দেশত ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,৪৮,৪২১ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৪২০৫ জন ৰোগীয়ে । বিপৰীতে ৩,৫৫,৩৩৮ জন লোক সুস্থ হৈ উঠিছে ।
ক’ভিড 19: ভাৰতৰ শেহতীয়া তথ্য
বিগত কেইবাদিনো ধৰি ভাৰতত ধাৰাবাহিকভাৱে দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে । যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,৪৮,৪২১ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৪২০৫ জন ৰোগীয়ে ।
ভাৰতত এদিনতে ৩.৩৮ লাখ জন ক'ভিডত আক্ৰান্ত
উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতত ২,৩৩,৪০,৯৩৮ গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে আৰু বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৩৭,০৪,০৯৯ জন । আনহাতে, এতিয়ালৈকে ১,৯৩,৮২,৬৪২ জন আৰোগ্য হৈ উঠিছে । ইফালে, মহামাৰীৰ কবলত পৰি ভাৰতত বৰ্তমানলৈকে ২,৫৪,১৯৭ জনে প্ৰাণ হেৰুৱাইছে ।
লগতে পঢ়ক: ত্ৰিপুৰাৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন ২৫ গৰাকীকৈ ৰোগীৰ, আটক ৭