অসম

assam

বিগত 24 ঘন্টাত ভাৰতত ক‘ভিডত মৃত্যু ৪০৯২ জনৰ

By

Published : May 9, 2021, 3:11 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত যোৱা ২৪ ঘন্টাত ৪,০৩,৭৩৮ জন লোক মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪,০৯২ জন লোকে প্ৰাণ হেৰুৱায় ।

Covid
ভাৰতত নতুনকৈ ৪,০৩,৭৩৮ জন কৰ'ণাত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ৯ মে': দেশত অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা । প্ৰতি মূহুৰ্তত দেশত বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত যোৱা ২৪ ঘন্টাত ৪,০৩,৭৩৮ জন লোক মহামাৰীৰ কবলত পৰে । ইয়াৰ লগে লগে দেশখনত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ২,২২,৯৬,৪১৪ জন লোক ।

ইফালে, যোৱা ২৪ ঘন্টাত মহামাৰীত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ৪,০৯২ জন লোকে । ফলত এই মূহুৰ্তলৈ নিহত হোৱা লোকৰ সংখ্যা ২,৪২,৩৬২ জনলৈ বৃদ্ধি পাইছে । আনহাতে, বিগত ২৪ ঘন্টাত মহামাৰীৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ৩,৮৬,৪৪৪ জন । দেশত বৰ্তমানেও ৩৭,৩৬,৬৪৮ টা ঘটনা সক্ৰিয়া হৈ আছে ।

লগতে পঢ়ক: টিটিএডিচিৰ উন্নয়নৰ বাবে এবছৰৰ দৰমহা প্ৰদান টিপ্ৰাৰ অধ্যক্ষৰ

ABOUT THE AUTHOR

...view details