অসম

assam

By

Published : Aug 26, 2021, 11:33 AM IST

ETV Bharat / bharat

COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

ক'ভিড-১৯(COVID-19) মহামাৰীৰ সংক্ৰমণ ভাৰতত সামগ্ৰিকভাৱে হ্ৰাস পালেও কোনো কোনো ৰাজ্যত এতিয়াও দ্বিতীয় ঢৌৰ সংক্ৰমণ বৃদ্ধি হৈয়ে আছে ।

India records 46,164 fresh cases, 607 deaths
COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

নিউজ ডেস্ক, 26 আগষ্ট : ভাৰতত অব্যাহত আছে কৰ’ণাৰ সংহাৰ ৷ অধিকাংশ ৰাজ্যত ক’ভিড 19 ৰ কঠোৰ নীতি-নিৰ্দেশনা সাময়িকভাৱে শিথিল কৰাৰ হৈছে যদিও ইয়াৰ বিপৰীতে দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে বৃহস্পতিবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বুধবাৰৰ দিনটোত 46,164 গৰাকী লোক নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 607 গৰাকীৰ ৷ ইয়াৰ লগতে ভাৰতৰ কৰ’ণাত আক্ৰান্তৰ সংখ্যা 3,25,58,530 গৰাকীলৈ আৰু মৃত্যুৰ সংখ্যা 4,36,365 গৰাকীলৈ বৃদ্ধি হৈছে ।

ইয়াৰ উপৰি ভাৰতত বৰ্তমানেও সক্ৰিয় হৈ আছে 3,33,725 টা ঘটনা । আনহাতে আৰোগ্য লাভ কৰিছে 3,17,88,440 গৰাকীয়ে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) প্ৰকাশ কৰা অনুসৰি, ভাৰতত 25 আগষ্টলৈকে 51,31,29,378 গৰাকীৰ ক’ভিড নমুনা পৰীক্ষণ কৰা হৈছে ৷

ইয়াৰে 17,87,283 টা নমুনা বুধবাৰে পৰীক্ষণ কৰা হৈছিল । আনহাতে এতিয়ালৈকে, দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত 60.38 কোটি জনতাক ক’ভিড-19 ভেকচিনৰ পালি প্ৰদান কৰা হৈছে ।

ক’ভিড-19 ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভেকচিনৰ উপলব্ধতা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি, ভাৰত চৰকাৰে সম্প্ৰতি বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰায় 58.76 কোটি ভেকচিনৰ পালি প্ৰদান কৰিছে । চৰকাৰে নতুনকৈ 1.03 কোটি পালি প্ৰদান কৰিছে আৰু 3.77 কোটি পালি ভেকচিন বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পঠোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Covid-19: নতুনকৈ আক্ৰান্ত ৩৭ হাজাৰৰো অধিক লোক

ABOUT THE AUTHOR

...view details