নেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰ :দেশত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে পুৱা প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ৩১,৯২৩ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৮২ গৰাকী লোকৰ ৷
ইয়াৰ লগতে ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে 3,01,604 গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ স্পৰ্শ কৰিছে ৪,৪৬,০৫০ গৰাকীলৈ । ভাইৰাছবিধৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 3,28,15,731 গৰাকীলৈ বৃদ্ধি পাইছে ।