নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ১৫,৯৮১ জন লোক ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হৈছে । এতিয়ালৈকে দেশত ৩,৪০,৫৩,৫৭৩ জন লোক মহামাৰীৰ কবলত পৰিছে । শনিবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা ২৪ ঘণ্টাত ১৬৬ জন লোকে প্ৰাণ হেৰুৱাইছে । মহামাৰীত আক্ৰান্ত হৈ বৰ্তমানলৈকে ৪,৫১,৯৮০ জনৰ মৃত্যু হৈছে ।
পূৰ্বৰ দৰেই কেৰালাত এতিয়াও অব্যাহত আছে কৰ'ণাৰ বিভীষিকা । শুকুৰবাৰে কেৰালাত ৮,৮৬৭ জন আক্ৰান্ত হৈছে আৰু ৬৭ গৰাকী ৰোগীৰ মৃত্যু হৈছে । বৰ্তমান দেশত ২,০১,৬৩২ গৰাকী সক্ৰিয় ৰোগী আছে । আনহাতে, এতিয়ালৈকে প্ৰায় ৩,৩৩,৯৯,৯৬১ জন লোক আৰোগ্য হৈ উঠিছে । সমান্তৰালকৈ দেশজুৰি টীকাকৰণ(Vaccination) অভিযান অব্যাহত আছে ।