নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: বৰ্তমানেও ভাৰতত ক'ভিড-১৯ মহামাৰীৰ ভয়াৱহতা দূৰ হোৱা নাই । নিতৌ ১০ হাজাৰৰো অধিক লোক মহামাৰীৰ কবলত পৰিছে ৷ অৱশ্যে তুলনামূলকভাৱে দৈনিক আক্ৰান্তৰ হাৰ হ্ৰাস পাইছে ।
সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ১৪,৩১৩ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে । দেওবাৰৰ দিনটোত ভাৰতত ১৮,১৩২ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছিল । অৰ্থাৎ তুলনামূলকভাৱে দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈকে ৩,৩৯,৮৫,৯২০ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । বিগত ২৪ ঘণ্টাত ভাৰতত ১৮১ গৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু হৈছে । দেশত এতিয়ালৈকে ৪,৫০,৯৬৩ জন লোকে প্ৰাণ হেৰুৱাইছে ।