নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: শনিবাৰে ৰাজস্থানৰ যোধপুৰৰ পৰা গুজৰাটৰ জামনগৰলৈ খালী অক্সিজেন টেংকাৰ কঢ়িয়াই নিলে ভাৰতীয় বায়ু সেনাৰ চি-১৭ হেভী-লিফ্ট পৰিবহণ বিমানে ।
অক্সিজেন টেংকাৰ ভৰ্তি কৰাৰ বাবে জামনগৰলৈ ৰাওনা বায়ু সেনা বাহিনীৰ বিমান যোধপুৰৰ চিকিৎসালয়সমূহত অক্সিজেনৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ জামনগৰৰ পৰা ৩০-৪০ লিটাৰ অক্সিজেনৰ যোগান আবণ্টন দিছে ।
অক্সিজেন টেংকাৰ ভৰ্তি কৰাৰ বাবে জামনগৰলৈ ৰাওনা বায়ু সেনা বাহিনীৰ বিমান শনিবাৰে পুৱাই বিশাল সামৰিক বিমান দুখন যোধপুৰত উপস্থিত হয় । এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, খালী টেংকাৰ দুখনত অক্সিজেন পুনৰ ভৰ্তি কৰাৰ পিছত টেংকাৰ দুখন জামনগৰৰ পৰা স্থল পথেৰে যোধপুৰলৈ উভতাই অনা হ'ব । অৱশ্যে, পলম হ'লে, টেংকাৰবোৰ বিমানেৰে লৈ যোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে সূত্ৰটোৱে ।
লগতে পঢ়ক:শিৰদী সংস্থানক পৰীক্ষাগাৰ-অক্সিজেন প্ৰকল্প স্থাপনৰ নিৰ্দেশ