নেশ্যনেল ডেস্ক, 4 মে’:মঙলবাৰে পুৱাৰ ভাগত চেন্নাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ অক্সিজেন চিলিণ্ডাৰ ভৰ্তি বিমান ৷ য'ত বৃটিছ গণৰাজ্যৰ পৰা 46.6 লিটাৰ ক্ষমতাৰ 450 টা অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই অনা হৈছে ৷
চেন্নাই কাষ্টমছৰ মতে, এই অক্সিজেন চিলিণ্ডাৰ চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিভাগীয় কতৃপক্ষই পোন্ধৰ মিনিটৰ ভিতৰতে যাবতীয় সকলো কাম সম্পূৰ্ণ কৰে ৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (MEA) মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট যোগে বৃটিছ গণৰাজ্যক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ কিয়নো এই মহামাৰীৰ সময়ত অক্সিজেনৰ নাটনিৰ সমস্যা কিছু পৰিমাণে হ্ৰাস পাব ৷