নেশ্যনেল ডেস্ক,২ মে': দেওবাৰে পুৱা ফ্ৰান্সৰ পৰা চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা এখন বিমান ভাৰতত উপস্থিত হয় । কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভাৰতক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে । ইয়াৰ সংক্ৰমণ ভয়ানকভাৱে বৃদ্ধি পোৱাৰ লগতে সম্প্ৰতি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ভাৰত । ইয়াৰ অংশ হিচাপে ফ্ৰান্সে ভাৰতলৈ আঠটা বৃহৎ অক্সিজেন প্লাণ্টকে ধৰি ২৮ টন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰে । লগতে তৰল অক্সিজেন পাত্ৰ, ভেণ্টিলেটৰ আৰু অন্যান্য চিকিৎসা সামগ্ৰীও অন্তৰ্ভুক্ত থাকিব বুলি আশা কৰা হৈছে ।
ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইনে কয় যে এই অক্সিজেন প্লাণ্টসমূহে দহ বছৰতকৈও অধিক সময় আঠখনকৈ চিকিৎসালয়ক অক্সিজেন যোগান ধৰিবলৈ সক্ষম হ'ব । যোৱা মঙলবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে ভাৰতক সহায় কৰিবলৈ আহ্বান জনোৱাৰ পাচতে দেওবাৰে পুৱা ভাৰতৰ ভূমিত উপস্থিত হয় ফ্ৰান্সৰ পৰা চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বিমানখন । ইফালে, শনিবাৰে জাৰ্মানীয়েও ভাৰতলৈ ১২০ টা ভেণ্টিলেটৰ লৈ ভাৰতৰ ভূমিত উপস্থিত হয় । ৰাছিয়াৰ পৰাও মুঠ ২০ টা অক্সিজেন কনচেণ্ট্ৰেটৰ, ৭৫ টা ভেণ্টিলেটৰ, ১৫০ টা বেডচাইড মনিটৰ আৰু মুঠ ২২ মেট্ৰিকটন ঔষধ কঢ়িয়াই দুখনকৈ বিমান বুধবাৰে পুৱা দিল্লী বিমানবন্দৰত উপস্থিত হয় ।
সূত্ৰ অনুসৰি, জাৰ্মানীয়ে অহা সপ্তাহত ম’বাইল অক্সিজেন উৎপাদন আৰু ফিলিং প্ৰকল্প প্ৰেৰণ কৰিবলৈ সাজু হৈছে । ১৩ গৰাকী জাৰ্মান কাৰিকৰী কৰ্মচাৰীয়ে এই সঁজুলিসমূহ স্থাপন কৰিবলৈ আৰু প্ৰশিক্ষণৰ বাবে ভাৰতলৈ আহিছে । জাৰ্মানীয়ে ৰেমডেচিবিৰ আৰু অন্যান্য ঔষধৰ সামগ্ৰীও প্ৰেৰণ কৰিছে বুলি তেওঁলোকে কয় । ইয়াৰোপৰি ব্যক্তিগত জাৰ্মান কোম্পানীৰ পৰাও চিকিৎসা সামগ্ৰী ক্ৰয় কৰা হয় বুলি জানিবলৈ দিয়ে ।