অসম

assam

ETV Bharat / bharat

ক'ভিড-১৯ : অনশন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৃষকৰ - কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

বৰ্ধিত ক'ভিড সংক্ৰমণ, উষ্ণতা বৃদ্ধিৰ বাবে অনশন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকে । তিনিখন কৃষি আইনৰ বিৰোধিতাৰে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কৃষকসকলে । প্ৰতিদিনে ১১ গৰাকী কৃষকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল ।

বৰ্ধিত ক'ভিড সংক্ৰমণ, উষ্ণতা বৃদ্ধিৰ বাবে অনশন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৃষকৰ
বৰ্ধিত ক'ভিড সংক্ৰমণ, উষ্ণতা বৃদ্ধিৰ বাবে অনশন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৃষকৰ

By

Published : Apr 19, 2021, 3:52 PM IST

নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ বাবে দৈনিক ভিত্তিত ৰূপায়ণ কৰা অনশন কাৰ্যসূচী স্থগিত কৰাৰ সিদ্ধান্ত লৈছে দিল্লী সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে । তিনিখন কৃষি আইন বাতিলৰ দাবীত প্ৰতিদিনে ১১ জন কৃষকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল । পৰিকল্পনা কৰা ধৰণে প্ৰতিগৰাকী কৃষকেই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে, কিয়নো এই ১১ গৰাকী কৃষকৰ দলটোত প্ৰতি দিনে বেলেগ বেলেগ কৃষক অন্তৰ্ভুক্ত হয় ।

দিল্লীৰ সিংঘু, তিক্ৰী আৰু গাজিপুৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকৰ সংখ্যা কিছু হ্ৰাস পোৱাও পৰিলক্ষিত হৈছে । অৱশ্যে, কৃষকসকলে তেওঁলোকৰ একতা তথা শক্তি প্ৰতিদিনে বৃদ্ধি হৈ আছে বুলি দাবী কৰি আহিছে । বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা দিল্লী সীমান্তত কৃষকসকলে কৃষি আইনৰ বিৰোধিতা কৰি আহিছে । ভাৰতীয় কৃষক সংস্থাৰ সভাপতি ৰাজবীৰ সিং জাদনে কয় যে বৰ্ধিত তাপমাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এতিয়া অনশন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

পৰিস্থিতি এপ্ৰিল মাহৰ শেষলৈকে একে থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে । চলিত মাহতে এখন পৰ্যালোচনা সভা অনুষ্ঠিত হ'ব আৰু তাৰ পিছত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি জানিবলৈ দি কৃষক নেতাজনে লগতে কয় যে, কৃষকসকলে যদি অনশন অব্যাহত ৰাখে তেন্তে তেওঁলোকে স্বাস্থ্যজনিত সমস্যাত ভোগাৰ সম্ভাৱনা আছে আৰু প্ৰতিবাদকাৰী কৃষকসকল কৰ'ণা আক্ৰান্ত হোৱাৰ সম্ভাৱনাও অধিক ।

আনহাতে, প্ৰতিবাদস্থলীত টীকাকৰণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে ভাইৰাছৰ পৰা সুৰক্ষিত হৈ থকাৰ বাবে কৃষকসকলক প্ৰয়োজনীয় সুবিধা আৰু নিৰ্দেশনা দিবলৈ চৰকাৰক আহ্বান জনাইছিল সমক্যুত কৃষক মৰ্চাই । চৰকাৰক কৃষকৰ প্ৰতিবাদস্থলীত টিকাকৰণ কেন্দ্ৰ স্থাপন কৰিবলৈ আৰু ভাইৰাছৰ পৰা সুৰক্ষাৰ বাবে তেওঁলোকক প্ৰয়োজনীয় সঁজুলি আৰু নিৰ্দেশনা প্ৰদান কৰাৰ বাবে কৃষক মৰ্চাই আহ্বান জনাইছিল । ইফালে, কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে দিল্লী সীমান্তত আন্দোলন কৰি থকা প্ৰতিবাদকাৰী কৃষকসকলক তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল ।

টোমৰে কৈছিল যে, কৃষকসকলে দৃঢ় তথা গ্ৰহণযোগ্য প্ৰস্তাৱ লৈ আহিলে চৰকাৰ পুনৰ আলোচনাত মিলিত হ'বলৈ সাজু আছে । বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰণয়ন কৰা তিনিখন কৃষি আইনক কেন্দ্ৰীয় চৰকাৰে কৃষি খণ্ডৰ গুৰুত্বপূৰ্ণ সংস্কাৰ বুলি দাবী কৰি আহিছে । তেওঁলোকৰ মতে, এই আইনে মধ্যস্থতাকাৰীক আঁতৰ কৰিব আৰু কৃষকসকলক দেশৰ যিকোনো স্থানত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰিব ।

কিন্তু প্ৰতিবাদকাৰী কৃষকসকলে আশংকা কৰিছে যে, নতুন কৃষি আইনে নূন্যতম সমৰ্থন মূল্য লাভৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব আৰু মণ্ডি প্ৰণালী আঁতৰাই পেলাব । ফলত তেওঁলোক ব্যক্তিগত খণ্ডৰ কোম্পানীৰ আশীৰ্বাদত জীয়াই থাকিবলগীয়া হ'ব । ইফালে নূন্যতম সমৰ্থন মূল্য আৰু মণ্ডি প্ৰণালী পূৰ্বৰ দৰেই থাকিব বুলি দাবী কৰি অহাৰ লগতে কেন্দ্ৰীয় চৰকাৰে বিৰোধীয়ে কৃষকসকলক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক:দিল্লীত এসপ্তাহৰ বাবে লকডাউন ঘোষণা

ABOUT THE AUTHOR

...view details