নেশ্যনেল ডেস্ক, ৩ মে': জাৰ্মানী, UKৰ পৰা ভাৰতীয় বায়ু সেনা বাহিনীয়ে ক্ৰায়'জেনিক অক্সিজেনৰ চাৰিটা কণ্টেইনাৰ বিমানযোগে দিল্লীৰ হিন্দন আৰু তামিলনাডুৰ চেন্নাই এয়াৰবেচলৈ আনে । দেওবাৰে এক চৰকাৰী বিবৃতিত প্ৰকাশ কৰা মতে, ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানেৰে জাৰ্মানী, UKৰ পৰা ভাৰতীয় বায়ু সেনা বাহিনীয়ে ক্ৰায়'জেনিক অক্সিজেনৰ চাৰিটা কণ্টেইনাৰ প্ৰেৰণ কৰা হৈছে । UKৰ ব্ৰিজ নৰ্টনৰ পৰা বায়ু সেনাৰ চি-১৭ বিমানেৰে ৪৫০ টা অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই লৈ আনে ।
বায়ু সেনাৰ চি-১৭ বিমানেৰে চণ্ডিগড়ৰ পৰা ভূৱনেশ্বৰলৈ দুটা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ, যোধপুৰৰ পৰা জামনগৰলৈ দুটা, হিন্দনৰ পৰা ৰাঁচীলৈ দুটা, ইন্দোৰৰ পৰা জামনগৰলৈ দুটা আৰু হিন্দনৰ পৰা ভুৱনেশ্বৰলৈ দুটা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ বিমানেৰে প্ৰেৰণ কৰে বুলি বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে । চি-১৭ বিমানখনে ছিংগাপুৰৰ পৰা আৰু অধিক অক্সিজেন কঢ়িয়াই আনিবলৈ প্ৰস্তুতি চলাইছে বুলি গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।