নেচনেল ডেক্স, 7 এপ্ৰিল:দেশত কৰ’ণাক সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক টীকাকৰণ কৰিবলৈ পৰামৰ্শ দিয়ে । কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ মন্ত্ৰণালয় আৰু বিভাগসমূহক এই নিৰ্দেশ প্ৰদান কৰে ৷ নিৰ্দেশনামৰ্মে, ৪৫ বছৰ বা তাতকৈ ওপৰৰ বয়সৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক টীকাকৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।
covid-19: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা - ৪৫ বছৰ
কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক টীকাকৰণ কৰিবলৈ পৰামৰ্শ প্ৰদান ৷ হাত ধোৱা, চেনিটাইজেচন, মাক্স পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলিবলৈ পৰামৰ্শ কৰে কৰ্মচাৰীসকলক ৷
এই আদেশৰ উপৰিও চৰকাৰে টীকাকৰণৰ পিছতো সঘনাই হাত ধোৱা, চেনিটাইজেচন, মাক্স পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলিবলৈ পৰামৰ্শ দিয়ে । উল্লেখ্য যে, ভাৰতত 24 ঘণ্টাত 96,982 টা নতুন কোভিড-19 ৰোগী পোৱা গৈছে ৷ এতিয়ালৈকে দেশত মুঠ কোভিড-19 ৰোগীৰ সংখ্যা 1,26,86,049 লৈ অতিক্ৰম কৰিছে ৷ এতিয়ালৈকে দেশত ৭,৮৮,২২৩ গৰাকী ব্যক্তি আক্ৰান্ত হৈ থকাৰ বিপৰীতে আক্ৰান্তসকলৰ ভিতৰত মৃত্যুৰ সংখ্যা ১,৬৫,৫৪৭ লৈ বৃদ্ধি পাইছে ।
লগতে চাওকঃ থলুৱাৰ সুৰক্ষাৰ কাম চৰকাৰৰ দ্বাৰা হ’ব নালাগে: অজিত কুমাৰ ভূঞা