নেশ্যনেল ডেস্ক, ২৯ নৱেম্বৰ: দেশত দ্ৰুত গতিত বাঢ়িছে COVID-1৯ত আক্ৰান্তৰ সংখ্যা । দেওবাৰে আক্ৰান্তৰ সংখ্যা ৯৩,৯২,৯১৯ জনলৈ বৃদ্ধি পায় । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ভাৰতত ৮৮ লাখ লোক আৰোগ্য হৈছে আৰু ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৩.৭১ শতাংশ ।
মাত্ৰ এটা দিনত নতুনকৈ আক্ৰান্ত হোৱা ৪১,৮১০ জন ৰোগীসহ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৯৩,৯২,৯১৯ জনলৈ বৃদ্ধি হৈছে । আনহাতে, নতুনকৈ মৃত্যু হোৱা ৪৯৬ জন লোকসহ ১,৩৬,৬৯৬ জনে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে । দেওবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্যা প্ৰকাশ কৰে । এতিয়ালৈকে ৮৮,০২,২৬৭ জন লোক সুস্থ হৈ উঠিছে । মহামাৰীত আক্ৰান্তৰ মৃত্যুৰ হাৰ ১.৪৬ শতাংশ হৈছেগৈ ।