নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ :শুকুৰবাৰে 45,882 নতুন ক'ভিড আক্ৰান্তৰ সংখ্যাৰ জৰিয়তে দেশত এই সংখ্যাই অতিক্ৰম কৰিলে 90 লাখৰ ঘৰ৷ আনহাতে, আৰোগ্য লোকৰ সংখ্যা 84.28 লাখ হোৱাৰ জৰিয়তে আৰোগ্যৰ হাৰ হৈছেগৈ 93.6 শতাংশ ৷ এই তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷
মুঠ আক্ৰান্তৰ সংখ্যা 90,04,365 গৰাকী হোৱাৰ পৰিৱৰ্তে মৃতকৰ সংখ্যা হৈছেগৈ 1,32,162 গৰাকী ৷ আনহাতে, যোৱা 24 ঘন্টাত দেশত প্ৰাণ হেৰুৱাইছে 584 গৰাকী লোকে ৷ ক'ভিড-19 মৃতকৰ হাৰ হ্ৰাস পাই 1.46 শতাংশ হৈছেগৈ ৷
বৰ্তমান সক্ৰিয় ক'ভিড-19 ৰোগীৰ সংখ্যা হৈছে 4,43,794 গৰাকী ৷ ICMR য়ে প্ৰদান কৰা তথ্য অনুসৰি, 20 নৱেম্বৰ পৰ্যন্ত 12,95,91,786 লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু কেৱল বৃহস্পতিবাৰৰ দিনা সংগ্ৰহ কৰা হৈছিল 10,83,397 নমুনা ৷
উল্লেখ্য যে, দেশত 7 আগষ্টত ক'ভিড-19 আক্ৰান্তৰ সংখ্যাই 20 লাখ, 23 আগষ্টত 30 লাখ আৰু 5 ছেপ্তেম্বৰত 40 লাখৰ ঘৰ অতিক্ৰম কৰিছিল ৷ আনহাতে, 16 ছেপ্টেম্বৰত 50 লাখ, 28 ছেপ্তেম্বৰত 60 লাখ, 11 অক্টোবৰত 70 লাখ আৰু 29 অক্টোবৰত 80 লাখৰ ঘৰ অতিক্ৰম কৰিছিল ৷
লগতে পঢ়ক :উত্তৰ প্ৰদেশ ৱাকাফৰ সম্পত্তিৰ অবৈধ বিক্ৰীৰ তদন্ত চিবিআইক অৰ্পন